Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 6 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, আৰু কোৱা,

3হে ইস্ৰায়েলৰ পৰ্ব্বতবিলাক,প্ৰভূ যিহোৱাৰ বাক্য শুনা; প্ৰভূ যিহোৱাই পৰ্ব্বতবোৰক, উপপৰ্ব্বত –বোৰক, জুৰি বৈ যোৱা ঠাইবোৰক, আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম, আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।

4তাতে তোমালোকৰ যজ্ঞ-বেদিবোৰ ধ্বংস কৰা হ’ব, আৰু তোমালোকৰ সূৰ্য্য-প্ৰতিমাবোৰ ভঙা হ’ব, আৰু মই তোমালোকৰ হত লোকবিলাকক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম।

5আৰু মই ইস্ৰায়েলৰ সন্তানবিলাকৰ শৱ তেওঁবিলাকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম, আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচৰিত কৰিম।

6তোমালোকৰ যজ্ঞ-বেদিবোৰ উচ্ছন্ন আৰু ধ্বংস কৰাৰ হ’বৰ নিমিত্তে, আৰু তোমালোকৰ হাতৰ কাৰ্য্যবোৰ লোপ পাবৰ নিমিত্তে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব,

7আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।

8তাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবিলাক লোক যেন জাতিবিলাকৰ মাজত হ’ব, এই নিমিত্তে মই এক অৱশিষ্ট ভাগ এৰিম;

9আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁবিলাকৰ বেশ্যালী মন আৰু তেওঁবিলাকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁবিলাকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকবিলাকে তেওঁলাকক বন্দী কৰি নিয়া জাতিবিলাকৰ মাজত মোক সোঁৱৰণ কৰিব, আৰু তেওঁবিলাকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁবিলাকে কৰা মন্দ কাৰ্য্যৰ নিমিত্তে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।

10আৰু মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব; মই যে তেওঁবিলাকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।

11প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি হাত তালি দি, আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হায় হায় কৰা; কিয়নো তেওঁবিলাক তৰোৱাল, আকাল,আৰু মহামাৰীত পতিত হ’ব।

12দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব, আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।

13য’ত তেওঁবিলাকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎলৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত, আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁবিলাকৰ যজ্ঞ-বেদিৰ চাৰিওফালে নিজ নিজ মুৰ্ত্তিৰ মাজত যেতিয়া তেওঁবিলাকৰ হত লোকবিলাক পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।

14আৰু মই তেওঁবিলাকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁবিলাকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তাতে, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran