Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 39 >> 

1আৰু হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই এই দৰে কৈছে, ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি হে গোগ চোৱা, মই তোমাৰ বিপক্ষ।

2আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম।

3আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম, আৰু তোমাৰ সোঁ -হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম।

4তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবিলাকে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তুক তোমাক দিম।

5প্ৰভূ যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।

6আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠাম; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।

7আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম, আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তাতে, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবিলাকে জানিব।

8প্ৰভূ যিহোৱাই কৈছে, চোৱা, সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মইৱ কোৱা দিন এয়ে।

9সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীবিলাকে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাটি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁবিলাকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব।

10তেওঁবিলাকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁবিলাকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভূ যিহোৱাই কৈছে, তেওঁবিলাকক লুট কৰাবোৰক তেওঁ বিলাকে লুট কৰিব আৰু তেওঁবিলাকক অপহৰণ কৰিবোৰক তেওঁবিলাকে অপহৰণ কৰিব।

11আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাবিলাকৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁবিলাকে গোগ আৰু তাৰ আটাই লোকসমুহক পুতিব; আৰু তেওঁবিলাকে তাৰ নাম হামোন-গোগৰ[গোগৰ লোকসমুহৰ] উপত্যকা থ’ব।

12আৰু দেশ শুচি কৰিবৰ নিমিত্তে ইস্ৰায়েল বংশই সাত মাহলৈকে সিহঁতক পুতি থাকিব।

13এনে কি, দেশৰ আটাই লোকে সিহঁতক পুতিব; প্ৰভূ যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁবিলাকলৈ যশস্যাৰ কাৰণ হ’ব।

14লোকবিলাকে কামত অনবৰত লাগি থাকিব পৰা মানুহক বাচি ল’ব; সিহঁতে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টবিলাকক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁবিলাকে বিচাৰি ফুৰিব।

15আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব।

16আৰু হামোনা [ লোকসমূহ ]বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁবিলাকে দেশ শুচি কৰিব।

17আৰু হে মনুষ্য সন্তান, প্ৰভূ যিহোৱাই এই দৰে কৈছে, আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, তোমালোকে গোট খাই আহা; তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্ৰ হোৱা।

18তোমালোকে বীৰবিলাকৰ মাংস খাবা আৰু মতা ভেড়া, ভেড়া পোৱালি, ছাগ, আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিবিলাকৰ ৰক্ত পান কৰিবা; সিবিলাক আটাইবিলাক বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ।

19আৰু তোমালোকৰ নিমিত্তে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা, আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।

20আৰু প্ৰভূ যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা।

21এইদৰে মই জাতিবিলাকৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু সিহঁতৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব।

22ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱা তাক জানিব।

23আৰু জাতিবিলাকে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁবিলাকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁবিলাকৰ পৰা মোৰ মুখ ঢাকি তেওঁবিলাকৰ শত্ৰুৰ হাতত তেওঁবিলাকক শোধাই দিছিলোঁ, আৰু তেওঁবিলাক আটাইবিলাক তৰোৱালৰ দ্বাৰাই পতিত হৈছিল।

24তেওঁবিলাকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁবিলাকলৈ কাৰ্য্য কৰিছিলোঁ, আৰু তেওঁবিলাকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।

25কিন্তু প্ৰভূ যিহোৱাই কৈছে,এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।

26আৰু এতিয়া তেওঁবিলাকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁবিলাকক ভয় নেদেখুৱাব,

27যেতিয়া মই তেওঁবিলাকক জাতিবিলাকৰ মাজৰ পৰা ওলোটাই আনি, তেওঁবিলাকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁবিলাকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁবিলাকে নিজৰ লাজৰ, আৰু তেওঁবিলাকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব।

28আৰু মই তেওঁবিলাকক জাতিবিলাকৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁবিলাকৰ দেশলৈ আনি তেওঁবিলাকক গোটালে, মই যে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁবিলাকে জানিব আৰু মই তাত তেওঁবিলাকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।

29আৰু মই তেওঁবিলাকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভূ যিহোৱাই কৈছে,মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 39 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran