1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
2হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা,
3আৰু তাক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে চেয়ীৰ পৰ্ব্বত, তোৱা, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস আৰু বিস্ময় ঠাই কৰিম।
4মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম: আৰু তোমাক ধ্বংস কৰা হ’ব; তাতে মই যে যিহোৱা তাক তুমি জানিবা।
5তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, ইস্ৰায়েলৰ সন্তানবিলাকৰ আপদৰ কালতেই তুমি তেওঁবিলাকক তৰোৱালৰ হাতত শোধাই দিলা।
6এই নিমিত্তে প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব।
7এইদৰে মই চায়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম।
8মই তাৰ হত লোকেৰে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম; তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত, আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকবিলাক পতিত হ’ব।
9মই তোমাক চিৰকলীয়া ধ্বংসস্থান কৰিম, তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
10তুমি ক’লা, সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।
11এই হেতুকে, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁবিলাকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই সিহঁতৰ মাজত নিজকে চিনাকি দিম।
12ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই যিহোৱাই যে শুনিলোঁ, তাক তুমি জানিবা।
13আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা, আৰু মোৰ অহিতে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
14প্ৰভূ যিহোৱাই এই কথা কৈছে, গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম।
15ইস্ৰায়েলবংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।