Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 34 >> 

1পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান তুমি ইস্ৰায়েলৰ ভেড়া-ৰখীয়াবিলাকৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা, ভাববাণী প্ৰচাৰ কৰি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ ভেড়াৰখীয়াবিলাক সন্তাপৰ পাত্ৰ; ভেড়া-ৰখীয়াবিলাকে জানো ভেড়াবোৰক প্ৰতিপালন কৰিব নালাগে?

3তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে কাপোৰ কৰি লোৱা, তোমালোকে হৃষ্টপুষ্ট ভেড়াবোৰ বধ কৰা, কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।

4তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, ৰোগীয়াটোক সুস্থ নকৰিলা, হাৰ ভগাটোৰ ভগা ঠাই নাবান্ধিলা, নাইবা খেদি লৈ যোৱাটোক পুনৰাই নানিলা, বা হেৰোৱাটোক নিবিচাৰিলা; কিন্তু বল আৰু উপদ্ৰৱেৰে তোমালোকে সেইবোৰক শাসন কৰিলা।

5আৰু ৰখীয়া নোহোৱাত সেইবোৰ ছিন্ন-ভিন্ন হ’ল, আৰু সেইবোৰ আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল, ছিন্ন-ভিন্ন হৈ গ’ল।

6মোৰ ভেড়াবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে; এনে কি, মোৰ ভেড়াবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল, আৰু সেইবোৰক চাওঁতা কি বিচাৰোঁতা কোনো নাই।

7এই হেতুকে হে ভেড়া-ৰখীয়াবিলাক, যিহোৱাৰ বাক্য শুনা।

8প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ভেড়া-ৰখীয়াবিলাকে মোৰ ভেড়াবোৰ নিবিচৰাত, আৰু মোৰ ভেড়াবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰাত, ৰখীয়া নাইকিয়াতেই মোৰ ভেড়াবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।

9এই হেতুকে হে ভেড়া-ৰখীয়াবিলাক, যিহোৱাৰ বাক্য শুনা।

10প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ভেড়া-ৰখীয়াবিলাকৰ বিপক্ষ; মই সিবিলাকৰ হাতৰ পৰা মোৰ ভেড়াবোৰ আদায় কৰিম, আৰু সিবিলাকক ভেড়া-ৰখীয়া বাবৰ পৰা গুচাম; ভেড়া ৰখীয়াবিলাকে নিজদকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ ভেড়াবোৰ সিবিলাকলৈ আহাৰ নহ’বৰ নিমিত্তে মই সিবিলাকৰ মুখৰ পৰা সেইবোৰক উদ্ধাৰ কৰিম।

11কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ময়েই মোৰ ভেড়াবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।

12ভেড়া ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজ ভেড়াবোৰৰ মাজত থকা দিনা নিজৰ ভেড়াৰ জাকক বিচাৰি উলিুওৱাৰ নিচিনাকৈ, মই মোৰ ভেড়াৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম।

13আৰু মই জাতিবিলাকৰ মাজৰ পৰা সেইবোৰক উলিয়াই আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই সেইবোৰৰ নিজ দেশলৈ নিম; আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।

14মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম, আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰৰ চৰণীয়া ঠাই হ’ব; সেইবোৰে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব, আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব।

15ময়েই মোৰ ভেড়াবোৰক চৰাম আৰু ময়েই সেইবোৰক শয়ন কৰাম, এয়ে প্ৰভূ যিহোৱাৰ বচন।

16মই হেৰোৱাটোক বিচাৰিম, খেদি নিয়াটোক ঘূৰাই আনিম, হাড় ভগাটোৰ ভগা ঠাই বান্ধিম, ৰোগীয়াটোক সবল কৰিম, হৃষ্টপুষ্ট আৰু বলীটোক সংহাৰ কৰিম, আৰু ন্যায়েৰে সেইবোৰক প্ৰতিপালন কৰিম।

17আৰু হে মোৰ ভেড়াৰ জাক, তোমালোকৰ বিষয়ে হ’লে, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই এটা এটাকৈ ভেড়াৰ জাকৰ বিচাৰ কৰিম, মতা ভেড়া আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম।

18এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহ তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?

19মোৰ ভেড়াবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।

20এই হেতুকে প্ৰভূ যিহোৱাই তেওঁবিলাকক এই দৰে কৈছে, মই ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ ভেড়াবোৰৰ মাজত বিচাৰ কৰিম।

21তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা।

22এই নিমিত্তে মই মোৰ ভেড়াৰ জাকক ৰক্ষা কৰিম; সেইবোৰ আৰু লুটদ্ৰব্য নহ’ব, আৰু মই এটা এটাকৈ ভেড়াৰ জাকৰ বিচাৰ কৰিম।

23আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম; তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।

24মই যিহোৱাই মোৰ লোকবিলাকৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁবিলাকৰ মাজত অধিপতি হ’ব, ইয়াক মই যিহোৱাই কলোঁ।

25আৰু মই তেওঁবিলাকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; তাতে তেওঁবিলাকে অৰণ্যত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।

26আৰু মই তেওঁবিলাকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম, আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।

27আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব,পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁবিলাক নিজৰ দেশত নিৰ্ভয়ে থাকিব; যেতিয়া মই তেওঁবিলাকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁবিলাকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিম, তেতিয়া মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।

28আৰু তেওঁবিলাক জাতিবিলাকৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁবিলাকক গ্ৰাস নকৰিব; কিন্তু তেওঁবিলাকে নিৰাপদে বাস কৰিব, আৰু তোনেও তেওঁবিলাকক ভয় নলগাব।

29মই গৌৰৱৰ অৰ্থে তেওঁবিলাকৰ নিমিত্তে এটি পুলি উৎপন্ন কৰিম; তেওঁবিলাক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবিলাকে দিয়া লাজ তেওঁবিলাকে আৰু ভোগ নকৰিব।

30আৰু প্ৰভূ যিহোৱাই কৈছে, তেওঁবিলাকৰ ঈশ্বৰ মই যিহোৱা যে তেওঁবিলাকৰ লগত আছোঁ আৰু তেওঁবিলাক ইস্ৰায়েল বংশ যে মোৰ প্ৰজা, তাক তেওঁবিলাকে জানিব।

31আৰু প্ৰভূ যিহোৱাই কৈছে, মোৰ ভেড়াবোৰ, মোৰ চৰণীয়া ভেড়াবোৰ যি তোমালোক, তোমালোক মানুহ, আৰু মই তোমালোকৰ ঈশ্বৰ।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 34 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran