Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 33 >> 

1পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকে সৈতে কথা হৈ তেওঁবিলাকক কোৱা, মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিলে, যদি সেই দেশৰ লোকবিলাকে তেওঁবিলাকৰ মাজৰ পৰা কোনো মানুহক লৈ তেওঁবিলাকৰ নিমিত্তে তাক প্ৰহৰী নিযুক্ত কৰে,

3আৰু তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি যদি শিঙা বজাই লোকবিলাকক সতৰ্ক কৰে,

4তেন্তে যেয়ে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁক লৈ যায়, তেনেহলে তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ মূৰতে পৰিব।

5তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; যদি তেওঁ সতৰ্ক হ’লহেতেন, তেন্তে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন।

6কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু মানুহবিলাক সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁবিলাকৰ মাজৰ পৰা কোনো মানুহ লৈ যায়, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণে নিয়া হ’ব; কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।

7হে মনুষ্য সন্তান, এইদৰে মই তোমাকেই ইস্ৰায়েলবংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; এই হেতুকে তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা।

8হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা, এই বুলি মই যেতিয়া দুষ্টক কওঁ, আৰু তুমি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবৰ নিমিত্তে একো নোকোৱা, তেতিয়া সেই দুষ্ট নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।

9কিন্তু যদি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ তাৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু সি নিজ পথৰ পৰা নুঘূৰে, তেন্তে সি নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।

10আৰু হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, তোমালোকে কৈছা, আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ক্ষীণাই গৈছোঁ; তেন্তে আমি কেনেকৈ জীয়াই থাকিম?

11তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে, তাতহে মই সন্তোষ পাওঁ; ঘূৰা, তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?

12আৰু হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকক কোৱা, ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ নকৰিব; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, সি নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই পতিত নহ’ব; বা ধাৰ্ম্মিক জনে পাপ কৰা দিনা নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব।

13যেতিয়া মই ধাৰ্ম্মিকৰ বিষয়ে, তেওঁ জীয়াই থাকিব বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্ম্মিকতাত নিৰ্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্ম্মকৰ্ম্মবোৰৰ কোনোটোও সোঁৱৰণ কৰা নহ’ব, কিন্তু তেওঁ কৰা অপৰাঘৰ নিমিত্তে তেওঁ মৰিব।

14পুনৰায়, তুমি অৱশ্যে মৰিবা বুলি যেতিয়া মই দুষ্টক কওঁ, তেতিয়া যদি সি নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য্য কৰে,

15যদি দুষ্টই বন্ধক ওলোটাই দিয়ে, কাঢ়িলোৱা বস্তু পুনৰায় দিয়ে, কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চলে, তেন্তে সি নিশ্চয়ে জীয়াই থাকিব, নমৰিব।

16সি কৰা পাপবোৰৰ কোনো পাপকে তাৰ অহিতে সোঁৱৰণ কৰা নহ’ব; সি উচিত আৰু ন্যায় কাৰ্য্য কৰিলে; সি অৱশ্যে জীয়াই থাকিব।

17তথাপি প্ৰভূৰ পথ সমান নহয় বুলি তোমাৰ জাতিৰ সন্তানবিলাকে কয়; কিন্তু তেওঁবিলাকৰেই পথ সমান নহয়।

18যেতিয়া ধাৰ্ম্মিকে নিজ ধাৰ্ম্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেৱোঁ তাৰ দ্বাৰাই মৰিব।

19আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য্য কৰে, তেতিয়া সিও তাৰ দ্বাৰাই জীয়াই থাকিব।

20তথাপি প্ৰভূৰ পথ সমান নহয় বুলি তোমালোকে কোৱা। হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ বিচাৰ কৰিম।

21পাছে আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি ক’লে, নগৰখন শত্ৰুৰ হাতত পৰিল।

22পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যা পৰত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ঘুৰিলৈ আহিব দেখি তেওঁ মোৰ মূখ মেলিলে, আৰু মোৰ মুখ মুকলি হ’লত, মই আৰু বোবা হৈ নাথাকিলোঁ।

23তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল বোলে,

24হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকবিলাকে কয়, অব্ৰাহাম এজন মাত্ৰ, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক, অধিকাৰৰ অৰ্থে দেশ আমাকেই জিয়া হৈছে।

25এই হেতুকে তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা, আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো দেশ অধিকাৰ কৰিবা?

26তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য্য কৰা, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ তিৰোতাক অশুচি কৰা লোক; তেন্তে তোমালোকে জানো দেশ অধিকাৰ কৰিবা?

27তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ জীৱনৰ শপত, ধ্বংসস্থান -বোৰত বাস কৰা লোকবিলাক অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, মুকলি পথাৰত থকাটোক খাবৰ নিমিত্তে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ ও গুহাত থকাবোৰ মহামাৰীত মৰিব।

28আৰু মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তাতে তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব।

29তাতে, তেওঁবিলাকে কৰা তেওঁবিলাকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে যেতিয়া মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।

30আৰু হে মনুষ্য সন্তান, তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তানবিলাকে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰ-মুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, ব’লা যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, তাক আমি শুনোগৈহঁক।

31আৰু প্ৰজাবিলাক অহাদি তেওঁবিলাক তোমাৰ ওচৰলৈ আহে, আৰু মোৰ প্ৰজা বুলি তেওঁবিলাক তোমাৰ আগত বহে, আৰু তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে; কিয়নো তেওঁবিলাকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁবিলাকৰ অন্তৰ তেওঁবিলাকৰ লাভৰ পাছত চলে।

32আৰু চোৱা, তুমি তেওঁবিলাকৰ গুৰিত সুন্দৰ ডিঙিৰ মানুহৰ, আৰু ভালকৈ বাদ্য কৰিব পৰা মনোহৰ গানযেন হে; কিয়নো তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে।

33আৰু যেতিয়া সেয়ে ঘটিব,( চোৱা, সেয়ে ঘটিবৰ দিন ওচৰ হৈছে), তেতিয়া, তেওঁবিলাকৰ মাজত যে এজন ভাববাদী আছিল, তাক তেওঁবিলাকে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 33 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran