Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 32 >> 

1দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ নিমিত্তে বিলাপ কৰিবলৈ ধৰা, আৰু তাক কোৱা, তুমি নিজকে জাতিবিলাকৰ যুৱা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জলসমূহ আস্ফালন কৰিছা, আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা।

3প্ৰভূ যিহোৱাই এই কথা কৈছে, মই অনেক লোকসমূহে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু সিহঁতে তোমাক মোৰ জালেৰে আনিব।

4পাছে মই তোমাক বামত এৰি দিম, তোমাক পথাৰত পেলাই দিম, আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰাম, আৰু গোটেই পৃথিৱীৰ জন্তুবোৰক তোমাক খাবলৈ দি সিহঁতৰ হেপাহ পলোৱাম।

5মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম, আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম।

6তুমি সাঁতোৰা দেশখন মই পৰ্ব্বতলৈকে তোমাৰ তেজেৰে ভেজাম, আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব।

7আৰু মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্য্যক ঢাকিম, আৰু চন্দ্ৰই পোহৰ নিদিব।

8আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰৰ কোনোটোকে মই তোমাৰ ওপৰত পোহৰ কৰিবলৈ নিদিম, আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

9যেতিয়া মই জাতিবিলাকৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই অনেক দেশৰ লোকৰ হৃদয়ত বেজাৰ দিম।

10এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু সিহঁতৰ ৰজাবিলাকৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবিলাকক মই তোমাৰ বিষয়ে বিস্ময় মনাম, আৰু সেই ৰজাবিলাকে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁবিলাক প্ৰতিজনে নিজ নিজ প্ৰাণৰ নিমিত্তে প্ৰত্যেক মূহূৰ্ত্তে কঁপিব।

11কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাক আক্ৰমণ কৰিব।

12বীৰবিলাকৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোকসমূহক নিপাত কৰিম; তেওঁবিলাক সকলোৱেই জাতিবিলাকৰ ভয়ানক লোক; তেওঁবিলাকে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোকসমূহ নষ্ট হ’ব।

13মই অনেক জলসমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম, আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীবোৰ আৰু নলৰাব।

14সেই কালত মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম, আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম, এয়ে প্ৰভূ যিহোৱাৰ বচন।

15যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম, যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব।

16এয়ে বিলাপ কৰিবলগীয়া সিহঁতৰ বিলাপ; জাতিবিলাকৰ জীয়াৰীবোৰে ইয়াৰে বিলাপ কৰিব, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

17পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

18হে মনুষ্য সন্তান, তুমি মিচৰৰ লোকসমূহৰ বিষয়ে হাহাকাৰ কৰা, আৰু সিহঁতক তললৈ পেলাই দিয়া; তাক আৰু বিখ্যাত জাতিবিলাকৰ জীয়াৰীবোৰে গাঁতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অধোভাগলৈ পেলাই দিয়া।

19তুমি কাতকৈ সুন্দৰ? নামি যোৱা অচুন্নৎহঁতৰ লগত শয়ন কৰা।

20সিহঁত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকবিলাকৰ মাজত পতিত হ’ব; তাক তৰোৱালত শোধাই দিয়া হৈছে; তোমালোকে তাক আৰু তাৰ লোকসমূহক টানি লৈ যোৱা।

21পৰাক্ৰমী বীৰবিলাকে চিয়োলত তাৰ আৰু তাৰ সহায়কাৰীবোৰক কথা ক’ব; তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎহঁত তললৈ নামি গৈ পৰি আছে।

22অচূৰ আৰু তাৰ আটাই লোকসমূহ তাত আছে;তাৰ মৈদামবোৰ তাৰ চাৰিওফালে আছে; সিহঁত আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।

23সিহঁতৰ মৈদামবোৰ গাঁতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোকসমূহ তাৰ মৈদামৰ চাৰিওফালে আছে; সিহঁত আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল; সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল।

24এলম, আৰু তাৰ মৈদামৰ চাৰিওফালে তাৰ লোকসমূহ ততাত আছে; সিহঁত আটাইবোৰ হত হ’ল, তৰোৱলৰ দ্বাৰাই পতিত হ’ল; সিহঁত অচুন্নৎ-অৱস্থাৰেই পৃথিৱীৰ অধোভাগলৈ নামি গ’ল; সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাঁতলৈ নামি যোৱাবোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।

25হত লোকবিলাকৰ মাজত, তাৰ আটাই লোকসমূহে সৈতে তাৰ নিমিত্তে এক শয্যা যুগুত কৰা হ’ল; তাৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; সিহঁত আটাইবোৰ অচুন্নৎ, সিহঁত তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাঁতলৈ নামি যোৱাবোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; হত লোকবিলাকৰ মাজত তাক ৰখা হৈছে।

26মেচেক-তূবল, আৰু তাৰ আটাই লোকসমূহ তাতত আছে; তাৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে, সিহঁত আটাইবোৰ অচুন্নৎ, সিহঁত তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল।

27যি বীৰবিলাক অচুন্নৎ-অৱস্থাৰে পতিত হ’ল, যিবিলাকে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল, যিবিলাকৰ তৰোৱাল তেওঁবিলাকৰ মূৰৰ তলত থোৱা হ’ল, আৰু জীৱিতবিলাকৰ দেশত বীৰবিলাকৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিবিলাকৰ হাড়বোৰত তেওঁবিলাকৰ অপৰাধ লাগি আছে, সেই বীৰবিলাকৰ লগত, সিহঁত নুশুব।

28তুমিও অচুন্নৎহঁতৰ মাজত ভগ্ন হ’বা, আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত শয়ন কৰিবা।

29ইদোম, তাৰ ৰজাবিলাক, আৰু তাৰ আটাই প্ৰধান লোক তাত আছে; সিহঁত পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত সিহঁতক ৰখা হৈছে; সিহঁত অচুন্নৎহঁতৰ লগত, গাঁতলৈ নামি যোৱাবোৰৰ লগত শুব।

30হত হোৱাবোৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে; সিহঁতে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো সিহঁতে লাজ পাইছে; আৰু সিহঁতে তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত অচুন্নৎ-অৱস্থাৰেই পৰি আছে, আৰু গাঁতলৈ নামি যোৱাবোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।

31ফৰৌণে সিহঁতক দেখি নিজৰ আটাই লোকসমূহৰ নিমিত্তে শান্ত্বনা পাব; এনে কি, প্ৰভূ যিহোৱাই কৈছে, ফৰৌণে আৰু তৰোৱালৰ দ্বাৰাই হত বোৱা তাৰ আটাই সৈন্যসান্তই শান্ত্বনা পাব।

32কিয়নো মই জীৱিতবিলাকৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভূ যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত অচুন্নৎহঁতৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোকসমূহক ৰখা হ’ব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 32 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran