Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 31 >> 

1একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তাৰ লোকসমূহক কোৱা, তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?

3চোৱা, অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ, আৰু ওখ হৈ থকা এজোপা এৰচ গছ স্বৰূপ আছিল; তাৰ ওপৰ ভাগ মেঘস্পৰ্শী হৈছিল।

4জলসমূহে তাক ডাঙৰ-দীঘল কৰিছিল, অগাধ জলে তাক বঢ়াইছিল, তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।

5এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু তাৰ শাখাবোৰ দীঘল হৈছিল

6তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল, আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।

7এইদৰে, তাৰ শিপা অনেক জলসমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।

8ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল, দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।

9মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল।

10এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে,

11মই তাক জাতিবিলাকৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ; তেওঁ তাৰ বিৰুদ্ধে উচিত কাৰ্য্য কৰিলে; মই তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিলোঁ।

12আৰু জাতিবিলাকৰ ভয়ানক বিদেশীবোৰে তাক কাটি এৰি গ’ল; পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগিল; আৰু পৃথিৱীৰ সকলো জাতিবিলাক তাৰ ছাঁৰ পৰা নামি গ’ল, তাক এৰি গুচি গ’ল।

13পৰি থকা সেই গছডালত আকাশৰ পক্ষীবোৰে বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু আছে।

14জলসমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰাবৰ নিমিত্তে, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাবিলাকৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ নিমিত্তে, মই ইয়াক কৰিলোঁ; কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ অধোভাগলৈ, গাঁতলৈ নামিব লগাবোৰে সৈতে মনুষ্য-সন্তানবিলাকৰ মাজত সমৰ্পিত হ’ল।

15প্ৰভূ যিহোৱাই এই কথা কৈছে, সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ নিমিত্তে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজলসমূহক স্থগিত কৰা হ’ল; মই তাৰ নিমিত্তে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ নিমিত্তে জঁয় পৰিল।

16গাঁতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবিলাকক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অধোভাগত শান্তনা পালে।

17যিবিলাকে তাৰ বাহুস্বৰূপ আছিল, যিবিলাকে জাতিবিলাকৰ মাজত তাৰ ছাঁত বাস কৰিছিল, সিবিলাকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল।

18এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ নিচিনা? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰে সৈতে অচুন্নৎহঁতৰ মাজত তুমিও পৰি থাকিবা। প্ৰভূ যিহোৱাই কৈছে, ফৰৌণ আৰু তাৰ আটাই লোকসমূহৰ এইৰূপ গতি হ’ব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 31 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran