Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 29 >> 

1দশম বছৰৰ দশম মাহৰ দ্বাদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা,

3আৰু কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ নৈ মোৰ নিজৰেই, আৰু নিজৰ নিমিত্তেই মই তাক কৰিলোঁ, এই বুলি কৈ নিজ নৈবোৰৰ মাজত পৰি থকা বৃহৎ নগৰ, হে মিচৰৰ ৰজা ফৰৌণ চোৱা, মই তোমাৰ বিপক্ষ।

4মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, তোমাৰ নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম, আৰু তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক উলিয়াই আনিম।

5মই তোমাক, আৰু তোমাৰ নৈবোৰৰ আটাই মাছ অৰণ্যত পেলাই যাম; তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম;

6তাতে, মই যে যিহোৱা, তাক মিচৰ নিবাসী সকলোৱে জানিব। সিহঁত ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ;

7(যেতিয়া তেওঁবিলাকে তোমাক খামোচ মাৰি ধৰে, তেতিয়া তুমি ফাটি তেওঁবিলাকৰ আটাইৰে হাত ফালা; আৰু যেতিয়া তেওঁবিলাকে তোমাৰ ওপৰত ভৰ দিয়ে তেতিয়া তুমি ভাগি তেওঁবিলাকৰ আটাইৰে কঁকালৰ জোৰা লৰাই তেওঁবিলাকক অচল কৰা)।

8এই কাৰণে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অহিতে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।

9মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তাতে, মই যে যিহোৱা, তাক সিঁহতে জানিব। কাৰণ সি কৈছে, নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।

10এই নিমিত্তে চোৱা, মই তোমাৰ আৰু তোমাৰ নৈবোৰৰৰ বিপক্ষ; মিগ্দোলৰ পৰা চিবেনিলৈকে, এনে কি, কূচৰ সীমালৈকে মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম।

11মানুহ কি পশু তাৰ মাজেদি নচলিব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব।

12ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।

13তথাপি প্ৰভূ যিহোৱাই এই কথা কৈছে, যি জাতিবিলাকৰ মাজত মিচৰীয়াহঁত ছিন্ন-ভিন্ন হ’ব, সেই জাতিবিলাকৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত সিহঁতক চপাম।

14মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু সিহঁতৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ সিহঁতক ওলোটাম; তাতে সেই ঠাইত সিহঁত এক সামান্য ৰাজ্য হ’ব।

15সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, জাতিবিলাকৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু জাতিবিলাকৰ ওপৰত প্ৰভূত্ত্ব নকৰিবৰ নিমিত্তে মই সিহঁতক হ্ৰাস কৰিম।

16সিহঁত ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি আৰু নহ’ব আৰু সিহঁতৰ পাছত যাবলৈ তেওঁবিলাকে মুখ কৰা কালত সিহঁত অপৰাধ সোঁৱৰণ কৰাওঁতাওঁ আৰু নহ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।

17আৰু সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

18হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবুখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে, আটাইৰে মূৰ টকলা কৰা হ’ল, আৰু আটাইৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ নিমিত্তে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।

19এই হেতুকে, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ ৰজা নবুখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ লোকসমূহক লৈ যাব, তাৰ দ্ৰব্য লুট কৰিব, আৰু তাৰ কাঢ়ি লোৱা বস্তু লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব।

20তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম; কাৰণ প্ৰভূ যিহোৱাই কৈছে, সিহঁতে মোৰ অৰ্থে কাৰ্য্য কৰিলে।

21সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ নিমিত্তে এক শিং গজাম, আৰু তেওঁবিলাকৰ মাজত তোমাৰ মুখ খুলি দিম; তাতে মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 29 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran