Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 28 >> 

1পাছে যিহোৱাৰ বাক্য পুনৰায় মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি তূৰৰ অধিপতিজনক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমাৰ হৃদয় গৰ্ব্বিত হ’ল, আৰু তুমি কৈছা, মই ঈশ্বৰ, মই সমুদ্ৰৰ মাজত ঈশ্বৰৰ আসনত বহি আছোঁ; যদিও তুমি নিজ মনক ঈশ্বৰৰ মন বুলি মানিছা, তথাপি তুমি মানুহ মাথোন, ঈশ্বৰ নোহোৱা।

3চোৱা তুমি দানিয়েলতকৈ জ্ঞানী; লোকে তোমাৰ পৰা লুকুৱাই ৰাখিব পৰা কোনো গুপুত কথা নাই।

4তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে চহকী কৰিলা, সোণ, আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা।

5তুমি নিজৰ মহৎ জ্ঞান আৰু বাণিজ্যৰ দ্বাৰাই তোমাৰ ধন-সম্পত্তি বঢ়ালা, আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল।

6এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি নিজ মনক ঈশ্বৰৰ মন বুলি মানিছা;

7এই কাৰণে চোৱা, মই বিদেশীবোৰক, জাতিবিলাকৰ মাজৰ ভয়ানকবোৰকেই তোমাৰ অহিতে আনিম; সিহঁতে তোমাৰ জ্ঞান-কান্তিৰ অহিতে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াব, আৰু তোমাৰ উজ্জ্বলতা কলুষিত কৰিব।

8সিহঁতে তোমাক গাঁতলৈ নমাব; আৰু তুমি হত লোকৰ দৰে সাগৰৰ মাজ ঠাইত মৰিবা।

9যি লোকে তোমাক বধ কৰিব, সেই লোকৰ আগত তুমি তেতিয়াও মই ঈশ্বৰ বুলি ক’বানে? যি জনে তোমাক মাৰিব,সেই জনৰ হাতত তুমি মনুষ্য মাত্ৰ, ঈশ্বৰ নোহোৱা।

10তুমি বিদেশীবোৰৰ হাতত অচুন্নৎহঁতৰ দৰে মৰিবা; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই ইয়াক কলোঁ।

11পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

12হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰিবলৈ ধৰা, আৰু তেওঁক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ।

13তুমি ঈশ্বৰৰ বাৰী এদনত আছিলা; চুনী, পীত মণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্য্যকান্ত, নীলকান্ত, পদ্মৰাগ, মৰকত আদি সকলো বহুমূল্য পাথৰ, আৰু সোণ তোমাৰ আৱৰণ আছিল; তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল; তুমি সৃষ্ট হোৱা দিনাই সেইবোৰ যুগুত কৰা হৈছিল।

14তুমি ঢাকি ধৰোঁতা অভিষিক্ত কৰূব আছিলা; ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতত তুমি থাকিব পৰাকৈ মই তোমাক স্থাপন কৰিছিলোঁ; তুমি জুইৰ নিচিনা চকমকীয়া পাথৰবোৰৰ মাজত অহা-যোৱা কৰিছিলা;

15তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনাৰ পৰা তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা।

16তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে আৰু তুমি পাপ কৰাৰ কাৰণে, মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ নিচিনা চকমকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ।

17তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা; মই তোমাক মাটিৰ সমান কৰি, ৰজাবিলাকে তোমাক দেখিবৰ নিমিত্তে তোমাক তেওঁবিলাকৰ আগত ৰাখিলোঁ।

18তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্ম্মধামবোৰ তুমি অপবিত্ৰ কৰিলা; এই হেতুকে মই তোমাৰ মাজৰ পৰা অগ্নি উলিয়ালোঁ, সেয়ে তোমাক গ্ৰাস কৰিলে; আৰু তোমাক দেখাবিলাকৰ সাক্ষাতে মই তোমাক মাটিত ভষ্ম কৰি পেলালোঁ।

19জাতিবিলাকৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিছে; তুমি ত্ৰাসৰ বিষয় হ’লা, তুমি আৰু কেতিয়াও নহ’বা।

20পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

21হে মনুষ্য সন্তান, তুমি চীদোনৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা,

22আৰু কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে চীদোন চোৱা, মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম। যেতিয়া মই তাক দণ্ড দিম, আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, তাক সিহঁতে জানিব।

23কিয়নো মই তাৰ মাজলৈ মহামাৰী, আৰু তাৰ আলিবোৰত ৰক্তপাত কৰিবলৈ মানুহ পঠাম; আৰু চাৰিওফালে তাৰ বিৰুদ্ধে ফাকৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই তাৰ মাজত হত হোৱা লোক পতিত হ’ব, তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব।

24তেতিয়া, ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট, তেওঁবিলাকৰ চাৰিওফালে থকা তেওঁবিলাকক হেয়জ্ঞান কৰা লোকবিলাকৰ মাজত আৰু নহ’ব; তাতে, মই যে প্ৰভূ যিহোৱা, তাক সিহঁতে জানিব।

25প্ৰভূ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েল বংশ ছিন্ন-ভিন্ন হোৱা জাতিবিলাকৰ পৰা মই যেতিয়া তেওঁবিলাকক গোটাম, আৰু জাতিবিলাকৰ সাক্ষাতে তেওঁবিলাকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মোৰ দাস যাকোবক মই দিয়া তেওঁবিলাকৰ নিজ দেশতে তেওঁবিলাকে বাস কৰিব।

26তেওঁবিলাকে নিৰ্ভয়ে বাস কৰিব; এনে কি, তেওঁবিলাকৰ চাৰিওফালে তেওঁবিলাকক হিংসা কৰোঁতাবোৰক যেতিয়া মই দণ্ড দিম, তেতিয়া তেওঁবিলাকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব, আৰু নিৰ্ভয়ে বাস কৰিব; তাতে, মই যে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁবিলাকে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 28 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran