Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 26 >> 

1পাছে একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে কলে, “ভাল হৈছে, জাতিবিলাকৰ দুৱাৰ ভগ্ন হ’ল; সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম”;

3এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, হে তূৰ, চোৱা, মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌ উঠুওৱাদি মই তোমাৰ অহিতে অনেক জাতিক উঠাম।

4তাতে সিহঁতে তূৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব; আৰু মই তাৰ পৰা ধূলি চুৰুকি পেলাই তাক শুদা শিল কৰিম।

5সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই ইয়াক কলো, আৰু নগৰ জাতিবিলাকলৈ লুটদ্ৰব্যস্বৰূপ হ’ব।

6আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীবিলাকক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক সিহঁতে জানিব।

7কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবুখদৰেচৰক তূৰলৈ আনিম।

8তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীয়েৰাহঁতক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব, তোমাৰ অহিতে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব।

9আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব।

10তেওঁৰ ঘোঁৰাবোৰ অধিক হোৱাত সেইবোৰৰ ধুলিয়ে তোমাক ঢাকিব; মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব।

11তেওঁ নিজৰ ঘোঁৰাবোৰৰ খোৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব; তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাবিলাকক বধ কৰিব, আৰু তোমাৰ দৃঢ় স্তম্ভবোৰ মাটিৰে সমান হ’ব।

12শত্ৰূবোৰে তোমাৰ সম্পত্তি লুট কৰিব, আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব; সিহঁতে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জলসমূহৰ মাজত পেলাব।

13মই তোমাৰ গানৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব।

14আৰু মই তোমাক শুদা শিল কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই যিহোৱাই ইয়াক কলোঁ।

15প্ৰভূ যিহোৱাই তূৰক এইদৰে কৈছে, যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ’ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিব নে?

16সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজ নিজ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ ,সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।

17আৰু তেওঁবিলাকে তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব, যি নগৰীয়ে সাগৰ-নিবাসীবিলাকক নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীবিলাকে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট হ’লা!

18তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনে কি তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিহ্বল হ’ব।

19কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, নিবাসীশূণ্য নগৰবোৰৰ নিচিনা যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জলসমুহ আনিম, আৰু মহাজলসমুহে তোমাক ঢাকিব;

20তেতিয়া তুমি বাসস্থান নহ’বৰ নিমিত্তে, মই তোমাক গাঁতলৈ নামিব লগাবোৰে সৈতে আগৰ কালৰ লোকবিলাকৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাঁতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম।

21মই তোমাক ত্ৰাসৰ বিষয় কৰিম; তুমি আৰু নহ’বা; তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব, এয়ে প্ৰভূ যিহোৱাৰ বচন।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 26 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran