Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 25 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল,

2বোলে, হে মনুষ্য সন্তান,তুমি অম্মোনৰ সন্তানবিলাকৰ ফাললৈ মুখ কৰি সিহঁতৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।

3তুমি অম্মোনৰ সন্তানবিলাকক কোৱা, তোমালোকে প্ৰভূ যিহোৱাৰ বাক্য শুনা। প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ ধৰ্ম্মধাম অপবিত্ৰ হ’লত তাৰ অহিতে ইস্ৰায়েল-ভূমি ধ্বংস কৰা হ’লত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ গ’লত সেই বংশৰ অহিতে ভাল হৈছে বুলি তুমি ক’লা।

4এই হেতুকে চোৱা, অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় সন্তানবিলাকৰ হাতত শোধাই দিম; সিহঁতে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজ নিজ বসতিস্থান কৰিব; সিহঁতে তোমাৰ ফল খাব, আৰু তোমাৰ গাখীৰ পান কৰিব।

5আৰু মই ৰব্বাক উটশাল, আৰু অম্মোনৰ সন্তানবিলাৰ দেশ মেৰ শোৱা গঁৰাল কৰিম; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা।

6কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা, আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণৰ সম্পূৰ্ণ হিংসাৰে আনন্দ কৰিলা.

7এই হেতুকে চোৱা, মই তোমাৰ অহিতে মোৰ হাত মেলি জাতিবিলাকৰ গুৰিত লুটদ্ৰব্যস্বৰূপ তোমাক শোধাই দিম; মই জাতিবিলাকৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম। মই তোমাক বিনষ্ট কৰিম; তাতে, মই যে যিহোৱা, তাক তুমি জানিবা ।

8প্ৰভূ যিহোৱাই এই কথা কৈছে, “চোৱা, যিহূদা-বংশ আন আটাই জাতিৰে নিচিনা হ’ল”,

9এই হেতুকে চোৱা, নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে,

10অম্মোনৰ সন্তানবিলাকৰ অহিতে যালৈ পূৱদেশীয় সন্তানবিলাকৰ নিমিত্তে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ সন্তানবিলাক জাতিবিলাকৰ সোঁৱৰণত নাথাকিবৰ নিমিত্তে মই অধিকাৰৰ অৰ্থে সেইবেৰ সিহঁকত দিম।

11আৰু মই মোৱাবক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব।

12প্ৰভূ যিহোৱাই এই কথা কৈছে, ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য্য কৰিলে, আৰু তেওঁবিলাকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।

13এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম; আৰু তৈমনৰে পৰা মই ততাক ধ্বংসস্থান কৰিম, দদানলৈকে সিহঁত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

14মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম; আৰু তেওঁবিলাকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য্য কৰিব; তেতিয়া, প্ৰভূ যিহোৱাই কৈছে, মই প্ৰতিকাৰ সধা কি, তাক সিহঁতে জানিব।

15প্ৰভূ যিহোৱাই এই কথা কৈছে, পলেষ্টীয়াহঁতে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিকাৰ সাধিলে।

16এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই পলেষ্টীয়াহঁতৰ অহিতে মোৰ হাত মেলি কৰেথীয়াহঁতক উচ্ছন্ন কৰিম, আৰু সমূদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম।

17আৰু কোপযুক্ত নানা ধমকি দি মই সিহঁতৰ ওপৰত মহাপ্ৰতিকাৰ সাধিম; আৰু মই প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, তাক সিহঁতে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 25 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran