Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 22 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য্য তাইক বুজুউৱা।

3আৰু তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, ই কেনেকুৱা নগৰী, যে, নিজৰ সময় আহিবৰ নিমিত্তে নিজৰ মাজত ৰক্তপাত কৰে, আৰু নিজকে অশুচি কৰিবলৈ নিজৰ নিমিত্তে মুৰ্ত্তি নিৰ্ম্মান কৰে।

4হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী হ’লা, আৰু তুমি নিৰ্ম্মান কৰা তোমাৰ মুৰ্ত্তি -বোৰৰ দ্বাৰাই তুমি অশুচি হ’লা; আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবিলাকৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্ৰোপৰ বিষয় কৰিম।

5হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব।

6চোৱা, ইস্ৰায়েলৰ অধ্যক্ষবিলাকে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।

7তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে; তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।

8তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা।

9ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে, তোমাৰ মাজত ব্যভিচাৰ কৰে,

10তোমাৰ মাজত পিতৃবিলাকৰ উলঙ্গতা প্ৰকাশ কৰে, তোমাৰৰ মাজত ঋতু-স্নান হোৱা তিৰোতাক বলৎকাৰ কৰে।

11কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ তিৰোতাৰে সৈতে ঘিণলগীয়া কাৰ্য্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কু-কৰ্ম্মৰে অশুচি কৰে, আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলৎকাৰ কৰে।

12ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়; তুমি সুত আৰু বাঢ়ি লওঁতা, আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

13এই হেতুকে চোৱা, তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি কৰা ৰক্তপাতত মই হাত তালি দিছোঁ।

14মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।

15মই জাতিবিলাকৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ অশৌচ দূৰ কৰিম।

16আৰু তোমাক জাতিবিলাকৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব; আৰু মই যে যিহোৱা, তাক তুমি জানিবা।

17পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

18হে মনুষ্য সন্তান, ইস্ৰায়ল বংশ মোৰ দৃষ্টিত ভাঁজস্বৰূপ হ’ল; তেওঁবিলাক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁবিলাক ৰূপৰ ভাঁজস্বৰূপ।

19এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোক সকলোৱেই ভাঁজস্বৰূপ হোৱাৰ বাবে নিমিত্তে চোৱা, মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম।

20মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ নিমিত্তে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ নিচিনাকৈ মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম, আৰু তোমালোকক তাত পেলাই গলাম।

21এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা।

22মূহীৰ মাজত ৰূপ গলা নিচিনাকৈ তাৰ মাজত তোমালোক গলিবা; তাতে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা।

23পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

24হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ।

25তাৰ মাজত তাৰ ভাববাদীবোৰে চক্ৰান্ত কৰিছে; সিহঁতে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; সিহঁতে মনুষ্যক গ্ৰাস কৰে; সিহঁতে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; সিহঁতে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।

26তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; সিহঁতে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; সিহঁতে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা সিহঁতৰ চকু ঢাকে, আৰু মই সিহঁতৰ মাজত অপবিত্ৰীকৃত হ’লোঁ।

27অন্যায় লাভ কৰিবৰ নিমিত্তে ৰক্তপাত কৰিবলৈ, আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যবিলাক চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।

28যিহোৱাই নোকোৱাকৈয়ে প্ৰভূ যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীবোৰে কৈ, অনৰ্থক দৰ্শন দেখি, আৰু তেওঁবিলাকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁবিলাকৰ নিমিত্তে চূণেৰে লিপে।

29দেশৰ প্ৰজাবিলাকে উপদ্ৰপ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে, আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।

30আৰু মই দেশ নষ্ট নকৰিবৰ নিমিত্তে, চাৰিওফালে গড় নিৰ্ম্মান কৰিব পৰা, আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁবিলাকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।

31এই হেতুকে মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁবিলাকক সংহাৰ কৰিম; প্ৰভূ যিহোৱাই কৈছে, মই তেওঁবিলাকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁবিলাকৰ মূৰত ফলিওৱাম।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 22 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran