Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 21 >> 

1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰস্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা আৰু ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।

3তুমি ইস্ৰায়েল দেশক কোৱা, যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ বিপক্ষ; মই ফাকৰ পৰা মোৰ তৰোৱাল উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্ম্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম।

4মই ধাৰ্ম্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেই নিমিত্তেই দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ফাকৰ পৰা ওলাব।

5আৰু মই যিহোৱায়েই যে ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব ই পুনৰায় নুলটিব।

6এই হেতুকে হে মনুষ্য সন্তান, হুমুনিয়াহ পেলোৱা, কঁকাল ভগাকৈ আৰু মনৰ বেজাৰেৰে সৈতে তেওঁবিলাকৰ আগত হুমুনিয়াহ পেলোৱা।

7তাতে, কিয় তুমি হুমুনিয়াহ পেলাইছা? এইবুলি যেতিয়া তেওঁবিলাকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে, আৰু প্ৰত্যেকৰ হৃদয় দ্ৰৱ হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব, আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা, প্ৰভূ যিহোৱাই কৈছে, সেয়ে আহিছে, আৰু সকলো সিদ্ধ হ’ব।

8পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

9হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, যিহোৱাই এই কথা কৈছে, তুমি কোৱা, তৰোৱাল! তৰোৱাল! তাক ধাৰ দিয়া আৰু মজাও হৈছে।

10বধ কৰিবৰ নিমিত্তে তাক ধাৰ দিয়া হৈছে, বিজুলীৰ নিচিনা হ’বৰ নিমিত্তে তাক মজা হৈছে তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে।

11তাক হাতত ল’বৰ নিমিত্তে, তেওঁ তাক মাজিবলৈ আজ্ঞা দিছে; বধ কৰোঁতাৰ হাতত দিবৰ নিমিত্তে তৰোৱালখন ধাৰ দিয়া হৈছে, এনে কি মজাও হৈছে।

12হে মনুষ্য সন্তান, চিঞৰি কন্দা আৰু হাহাকাৰ কৰা; কিয়নো সেয়ে মোৰ প্ৰজাবিলাকৰ আৰু ইস্ৰায়েলৰ আটাই অধ্যক্ষবিলাকৰ ওপৰলৈ আহিল; তেওঁবিলাকক মোৰ প্ৰজাবিলাকে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।

13কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতো দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব? এয়ে প্ৰভূ যিহোৱাৰ বচন।

14এই হেতুকে হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা, আৰু হাত তালি দিয়া; তৰোৱাল –খনে অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক; সেয়ে সিহঁতৰ ভিতৰ-কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল।

15তেওঁবিলাকৰ হৃদয় দ্ৰৱ হ’বৰ নিমিত্তে আৰু তেওঁবিলাকৰ উজুটি খাই পৰা লোক সৰহ হ’বৰ নিমিত্তে এই তৰোৱালখনৰ আগটো তেওঁবিলাকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ; হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ নিমিত্তে তাক ধাৰ দিয়া হ’ল।

16হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা, যুগুত হৈ বাওঁফালে ঘূৰা; যি ফাললৈ তুমি মুখ কৰি আছা, সেই ফাললৈ গমন কৰা।

17ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱায়েই ইয়াক কলোঁ।

18পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

19হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ নিমিত্তে তুমি দুটা পথ আঁকা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা।

20তৰোৱালখন অম্মোনৰ সন্তানবিলাকৰ ৰব্বা নগৰলৈ আহিবৰ নিমিত্তে এটা পথ, আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত যিৰূচালেম নগৰলৈ আহিবৰ নিমিত্তে এটে পথ তুমি আঁকা।

21কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হৈছে, তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিলে, গৃহ দেৱতাবোৰক সুধিলে, আৰু আগ মঙহ চালে।

22পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ নিমিত্তে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল।

23আৰু সিহঁতৰ আগত শপত খোৱাবিলাকৰ মানত সেই মঙ্গলচোৱা কাৰ্য্যটো বৃথা হ’ব¨ কিন্তু তেওঁবিলাক ধৰা পৰিবৰ নিমিত্তে তেওঁ অপৰাধ সোঁৱৰণ কৰাব।

24এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই কাৰ্য্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ল; এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম্ম সোঁৱৰণ কৰালা, আৰু তোমালোকলৈ মোৰ মনত পৰিল; এতেকে তোমালোক ধৰা পৰিবা।

25অন্তজনক অপৰাধৰ কালত দিন উপস্থিত হোৱা হত হ’বলগীয়া ইস্ৰায়েলৰ অধিপতি হে দুষ্ট,

26প্ৰভূ যিহোৱাই এই কথা কৈছে, পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা; এইবোৰ আৰু নাথাকিব, চাপৰক ওখ কৰা হ’ব, আৰু ওখক চাপৰ কৰা হ’ব।

27মই নষ্ট কৰিম, নষ্ট কৰিম, নষ্ট কৰিম; স্বত্ব থকা জনা নহালৈকে নিশ্চয়েএইবোৰ আৰু নাথাকিব; আৰু মই এইবোৰ সেই জনাক দিম।

28হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই অম্মোনৰ সন্তানবিলাকৰ, আৰু সিহঁতে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে, তুমি কোৱা, অন্তজনক অপৰাধৰ সময়ত দিন উপস্থিত হোৱা হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ,

29সিহঁতে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত, তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ নিমিত্তে তাক সজা হৈছে।

30তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম।

31আৰু মই তোমাৰৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকবিলাকৰ হাতত তোমাক শোধাই দিম।

32তুমি জুইৰ খৰিস্বৰূপ হ’বা; দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব; তোমাক আৰু সোঁৱৰণ কৰা নাযাব; কিয়নো মই যিহোৱাই ইয়াক কলোঁ।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 21 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran