Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 17 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,

2হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ বংশৰ আগত এটা নিগূঢ় বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা।

3তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, নানা বৰণৰ পাখিৰে ভৰা, ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ কুৰৰ পক্ষীয়ে লিবানোনলৈ আহি এৰচ গছজোপাৰ আগডোখৰ লৈ গ’ল।

4সি তাৰ পোখাবোৰৰ মাজৰ সকলোতকৈ ওখ পোখাটি ছিঙি বাণিজ্যদেশলৈ লৈ গৈ, বেপাৰীবিলাকৰ নগৰত তাক ৰাখিলে।

5সি দেশৰ গুটিৰ মাজৰ এটি গুটিও লৈ উৰ্ব্বৰা মাটিত ৰুলে; সি জলসমূহৰ কাষত তাক থলে; সি বাইশী গছ হ’ব বুলি তাক ৰুলে।

6পাছে সেয়ে গজি বাঢ়ি, যাৰ ডালবোৰে সেই কুৰৰ পক্ষীৰ ফাললৈ মুখ কৰিছিল, আৰু যাৰ শিপাবোৰ তাৰ তলত আছিল, এনে চাপৰ আৰু ব্যাপি যোৱা এডাল দ্ৰাক্ষালতা হ’ল; সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডাল মেলিলে আৰু পোখালে।

7ডাঙৰ ডেউকা আৰু বহুত পাখি থকা আন এটা কুৰৰ পক্ষী আছিল; আৰু চোৱা, সি পানী দিবৰ নিমিত্তে, এই দ্ৰাক্ষালতাই নিজকে ৰোৱা ভেটিৰ পৰা তাৰ ফাললৈ শিপা মেলিলে, আৰু তাৰ ফাললৈ ডালবোৰ ঢাল খুৱালে।

8সেয়ে ডাল মেলি আৰু ফল ধৰি উত্তম দ্ৰাক্ষালতা হ’বৰ নিমিত্তে, বহু জলসমূহৰ ওপৰত সুন্দৰ মাটিত তাক ৰোৱা হৈছিল।

9তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, সেয়ে উন্নতি লাভ কৰিব নে? সেয়ে শুকাবৰ নিমিত্তে, নতুনকৈ ওলোৱা তাৰ আটাই পাত লেৰেলা পৰিবৰ নিমিত্তে তেওঁ জানো তাৰ শিপাবোৰ নুঘালিব, আৰু তাৰ গুটিবোৰ নাকাটিব? তাৰ শিপাই সৈতে তাক উঘালিবলৈ অধিক বল কি অনেক মানুহ নালাগিব।

10চোৱা, সেয়ে ৰোপিত হ’লেও উন্নতি লাভ কৰিব নে? পূৱৰ বতাহ তাত লগা মাত্ৰে সেয়ে একেবাৰে নুশুকাবনে? সেযে গজা ভেটিতে শুকাই যাব।

11পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,

12তুমি সেই বিদ্ৰোহী বংশক কোৱা, এইবোৰৰ অৰ্থ কি, তাক জানো তোমালোকে নাজানা? তেওঁবিলাকক কোৱা, চোৱা, বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজা আৰু তাৰ অধ্যক্ষবিলাকক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ গ’ল।

13আৰু তেওঁ ৰাজবংশীয় এজনক লৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে।

14ৰাজ্যখন যেন সামান্য হয়, নিজকে যেন বৰ বুলি নামানে, কিন্তু তেওঁৰ নিয়মটি পালন কৰাৰ দ্বাৰাই যেন থাকিব পাৰে, এই নিমিত্তে তেওঁসেই জনক শপতৰ অধীনো কৰিলে, আৰু দেশৰ বীৰ বিলাকক লৈ গ’ল।

15কিন্তু তেওঁ মিচৰীয়াহঁতৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ মনেৰে মিচৰলৈ নিজ দূত পঠাই তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ জানে নিয়মটি ভাঙিও ৰক্ষা পাব?

16প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, যি ৰজাই তেওঁক ৰজা পাতিলে, যেৰ শপত তেওঁ তুচ্ছ কৰিলে, আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, সেই ৰজা থকা ঠাইত বাবিলৰমাজত তেওঁৰ তাতেই তেওঁ মৰিব।

17অনেক লোকক উচ্ছন্ন কৰিবলৈ হাদাম বান্ধা আৰু কোঁঠ সজা সময়ত, ফৰৌণেও তেওঁৰ পৰাক্ৰমী সৈন্যসামন্ত আৰু মহাদলে সৈতে ৰণত তেওঁৰ উপকাৰ কৰিব নোৱাৰিব।

18কিয়নো তেওঁ নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাত যোৰ কৰাৰ পাছেও, এই আটাই কাৰ্য্য কৰিলে; তেওঁ ৰক্ষা নাপাব।

19এই কাৰণে প্ৰভূ যিহোৱাই এই কথা কৈছে,মোৰ জীৱনৰ শপত, তেওঁ তুচ্ছ কৰা মোৰ শপতটোৰ আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ ফল মই নিশ্চয়ে তেওঁৰ মূৰত ফলিওৱাম।

20আৰু মই তেওঁৰ ওপৰত মোৰ জাল মেলিম, আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব; তাতে মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ নিমিত্তে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।

21তেওঁৰ সকলো দলৰ আটাই পলৰীয়া লোক তৰোৱালত মৰা পৰিব, আৰু অৱশিষ্টবোৰক চাৰিওফালে বায়ুত উড়ুৱাই দিয়া যাব; তাতে মই যিহোৱায়েই যে এই কথা কলোঁ, তাক তোমালোতকে জানিবা।

22প্ৰভূ যিহোৱাই এই কথা কৈছে, ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম।

23ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰোম; তাতে সি ডাল মেলি ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব, আৰু সকলো বিধৰ চৰায়ে তাৰ তলত বাস কৰিব, তাৰ ডালবোৰৰ ছাঁতেই সিহঁতে বাস কৰিব।

24আৰু মই যিহোৱায়েই যে ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ, কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ, ইয়াক পথাৰৰ আটাইবোৰ গছে জানিব মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 17 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran