Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 10 >> 

1তেতিয়া মই চাই দেখিলোঁ, কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটোত, তেওঁবিলাকৰ ওপৰত, এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থ প্ৰকাশ পাইছিল।

2পাছে তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কলে, তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁবিলাকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচৰিত কৰি পেলোৱা; তাতে সেই পুৰুষজন মোৰ চকুৰ আগতে তাত সোমাল।

3সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল, আৰু ভিতৰ চোতালখন মেঘডোখৰেৰে পৰিপূৰ্ণ আছিল।

4তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল, আৰু গৃহটি মেঘডোখৰেৰে, আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল;

5আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ নিচিনাকৈ কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।

6পাছে, তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাই পৰা জুই লোৱা বুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিলত, তেওঁ সোমাই গৈ এটা চক্ৰ কাষত থিয় হ’ল।

7তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁবিলাকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে; তেওঁ তাক লৈ বাহিৰ হ’ল।

8আৰু কৰূব কেইজনৰ গাত, তেওঁ বিলাকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।

9পাছে মই চাই দেখিলোঁ, এজন কৰূবৰ কাষত এটা চক্ৰ, আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাইটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।

10আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে ৰকমৰ, যেন চক্ৰৰ মাজতহে চক্ৰ আছে।

11যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফাললৈ পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।

12আৰু তেওঁবিলাকৰ গোটেই গা, আৰু তেওঁবিলাকৰ পিঠি, হাত, ডেউকা, আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁবিলাক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।

13সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।

14প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ, আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।

15পাছে কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবিলাক।

16কৰূব কেইজডন যোৱা সময়ত চক্ৰকেইটাও তেওঁবিলাকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁবিলাকৰ কাষ নেৰে।

17তেওঁবিলাক ৰ’লে, সেইবোৰো ৰয়, আৰু তেওঁবিলাক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁবিলাকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।

18পাছে যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।

19কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ আগতে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁবিলাকৰ কাষে কাষে চক্ৰকেইটাও চলিল; আৰু তেওঁবিলাক যিহোৱাৰ গৃহৰ পূৱফালৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু তেওঁবিলাকৰ ওপৰত ওখত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।

20কবাৰ নদীৰ ওচৰত ইস্ৰায়েলৰ ঈশ্বৰৰ তলত মই দেখা প্ৰাণী এইবিলাক; তাত এইবিলাক যে কৰূব, তাক মই জানিলোঁ।

21প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ, আৰু চাৰিখন চাৰিখন ডেউকা, আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু আছিল।

22তেওঁবিলাকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ, আৰু একে আকৃতি, একে বস্তু; তেওঁবিলাক প্ৰতিজনে পোনে পোনে যায়।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 10 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran