Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Obadiah 1 >> 

1প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে এই কথা কৈছে। আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল; তোমালোক উঠা, আমি তাৰ অহিতে যুদ্ধ কৰিবলৈ উঠি যাওঁ ।

2চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু কৰিলোঁ; তোমাক অতিশয় হেয়জ্ঞান কৰা হ’ল ।

3কোনে মোক মাটিলৈ নমাব ? এই বুলি মনতে কোৱা, উচ্চস্থানত বাস কৰা শিলৰ খোৰোঙত থকা যি তুমি, তোমাৰ মনৰ অহংকাৰে তোমাক প্ৰবঞ্চনা কৰিলে ।

4যিহোৱাই কৈছে, তুমি কুৰৰ পক্ষীৰ নিচিনাকৈ ওপৰলৈ ঊধালেও, আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ’লেও, মই তাৰ পৰা তোমাক নমাই আনিম ।

5তোমাৰ ওচৰলৈ যদি চোৰ, ৰাতি ডকাইত আহে, তেন্তে ( তুমি কেনে উচ্চন্ন ! ) সিহঁতে প্ৰয়োজনমতে চুৰ কৰি ক্ষান্ত নহব নে ? বা তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চাপাওঁতাবিলাক আহিলে সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে ?

6এচৌৰ সম্পত্তি কেনেকৈ বিচাৰি উলিওৱা হল ! তাৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি নিয়া হল !

7তোমাৰে সৈতে সমন্ধ স্থাপন কৰা আটাই লোকে তোমাক সীমালৈ নি বিদায় দিলে ; তোমাৰে সৈতে মিলেৰে থকা মানুহবিলাকে তোমাক প্ৰবঞ্চনা কৰিলে আৰু ঘটুৱালে ; তোমাৰ অন্ন ভোজন কৰোঁতাবিলাকে তোমাৰ তলত ফান্দ পাতে ; ইদোমৰ একো বিবেচনা নাই ।

8যিহোৱাই কৈছে, সেই দিনা মই ইদোমৰ জ্ঞানীবিলাকক উচ্চন্ন নকৰিমনে ? আৰু এচৌ পৰ্ব্বতৰ পৰা বিবেচনা দূৰ নকৰিম নে ?

9হে তৈমন, হত্যাৰ দ্বাৰাই এচৌৰ পৰ্ব্বতৰ পৰা তোমাৰ আটাই বিৰ উচ্ছন্ন হবৰ নিমিত্তে তেওঁবিলাক বিহ্বল হ’ব ।

10তোমাৰ ভাই যাকোবলৈ কৰা অত্যাচাৰৰ নিমিত্তে লাজে তোমাক ঢাকিব, আৰু তুমি চিৰকাললৈকে উচ্ছন্ন হবা ।

11তুমি আঁতৰ হৈ থকা দিনা, বিদেশীবোৰে তাৰ ধন-সম্পত্তি লৈ যোৱা দিনা, আৰু পৰজাতিবোৰে তাৰ দুৱাৰত সোমাই যিৰূচালেমৰ নিমিত্তে চি়ঠী খেলোৱা দিনা, তুমি সিহতঁৰ মাজৰ এজন যেন আছিলা ।

12কিন্তু তোমাৰ ভায়েৰাৰ দিনা, তাৰ বিষম দু্ৰ্দ্দশাৰ দিনা তুমি তালৈ সন্তুষ্ট মনেৰে নাচাবা, আৰু যিহূদাৰ সম্তানবিলাকৰ বিনাশৰ দিনা তেওঁবিলাকৰ ওপৰত আনন্দ নকৰিবা, বা দুখৰ দিনা গৰ্ব্বেৰে কথা নকবা ।

13তুমি মোৰ প্ৰজাবিলাকৰ আপদৰ দিনা তেওঁবিলাকৰ নগৰৰ দুৱাৰত নোসোমাবা, এনে কি, তেওঁবিলাকৰ আপদৰ দিনা তেওঁবিলাকৰ দুখলৈ সন্তুষ্ট মনেৰে নাচাবা, বা তেওঁবিলাকৰ আপদৰ দিনা তেওঁবিলাকৰ ধন-সম্পত্তিত হাত নিদিবা ।

14তুমি পলৰীয়া বিলাকক উচ্চন্ন কৰিবলৈ দুই আলিৰ মূৰত থিয় নহবা, আৰু দুখৰ দিনা তাৰ অৱশিষ্ট লোকক শতৰুৰ হাতত শোধাই নিদিবা ।

15কিয়নো আটাই জাতিৰ বিৰুদ্ধে যিহোৱাৰ দিন ওচৰ চাপিছে ; তুমি কৰাৰ দৰে তোমালৈ কৰা যাব, তোমাৰ কাৰ্য্যৰ ফল তোমাৰ মূৰৰ ওপৰতে পৰিব ।

16কাৰণ মোৰ পবিত্ৰ পৰ্ব্বতত তোমালোকে পান কৰাৰ দৰে, আটাই জাতিয়ে অনবৰত পান কৰিব ; এনে কি, সিহঁতে পান কৰি গেদবোৰো গিলিব, আৰু সিহঁত নোহোৱা যেন হব

17কিন্তু ৰক্ষা পোৱাবিলাক চিয়োন পৰ্ব্বতত থকিব, আৰু সেয়ে পবিত্ৰ হব আৰু যাকোবৰ বংশই নিজৰ আধিপত্য ভোগ কৰিব ।

18আৰু যাকোবৰ বংশ অগ্নি, যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাস্বৰুপ বহ ; তেওঁবিলাকে সিহঁতৰ মাজত জ্বলি সিহঁতক গ্ৰাস কৰিব, আৰু এচৌৰ বংশলৈ কোনো অবশিষ্ট নাথাকাব ; কিয়নো যিহোৱাই ইয়াক ইয়াক কলে ।

19আৰু দক্ষিণ অঞ্চলৰ লোকবিলাকে এচৌৰ পৰ্ব্বত, আৰু নিম্নভূমিৰ লোকবিলাকে পলেষ্টীয়া বিলাকৰ দেশ অধিকাৰ কৰিব ; আৰু তেওঁবিলাকে ইফ্ৰয়িমৰ আৰু চমৰিয়াৰ ভূমি অধিকাৰ কৰিব ; আৰু বিন্যামীনে গিলিয়দ অধিকাৰ কৰিব ।

20আৰু কনানীয়াবিলাকৰ মাজত বন্দী-অৱস্থাত থকা ইস্ৰায়েলৰ সন্তানবিলাকৰ এই সৈন্যসমূহে চাৰিফতলৈকে অধিকাৰ কৰিব, আৰু চফাৰদত বন্দী-অৱস্হাত থকা যিৰূচালেমৰ লোকবিলাকে দক্ষিণ অঞ্চলৰ নগৰবোৰে অধিকাৰ কৰিব ।

21আৰু এচৌৰ পৰ্ব্বতৰ বিচাৰ কৰিবলৈ ত্ৰাণকৰ্ত্তাবিলাক চিয়োন পৰ্ব্বতত উঠিব ; আৰু ৰাজ্য যিহোৱাৰেই হ’ব ।


  Share Facebook  |  Share Twitter

 <<  Obadiah 1 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran