Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Nehemiah 4 >> 

1তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।

2চমৰীয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”

3তেতিয়া তেওঁৰ সৈতে আম্মোনীয়া টোবিয়া আছিল আৰু তেওঁ ক’লে, “তেওঁলোকে যি দেৱাল সাজিছে, তাৰ ওপৰত যদি এটা শিয়ালো উঠে, তেন্তে তেওঁলোকৰ সেই শিলাময় দেৱাল ভাঙি পৰিব!”

4হে আমাৰ ঈশ্বৰ শুনা, কিয়নো আমি ঘৃণিত হৈছোঁ। তেওঁলোকৰ উপসাহ তেওঁলোকলৰ ওপৰতে পৰক আৰু তেওঁলোক যি দেশত বন্দিত্ৱত আছিল, তাত লুট কৰি নিয়া বস্তুৰ দৰে থাকিবলৈ দিয়ক।

5তেওঁলোকৰ অপৰাধ ঢাকি নাৰাখিব আৰু তেওঁলোকৰ পাপ আপোনাৰ আগৰ পৰা মচি নেপেলাব, কিয়নো তেওঁলোকে দেৱাল সজা সকলৰ খং উঠাবলৈ উত্তেজিত কৰিছে।

6সেয়ে আমি দেৱাল সাজিলোঁ, আৰু লোকসকলে আগ্রহৰে দেৱালবোৰ যোৰা লগাই দেৱালৰ উচ্ছতাৰ আধালৈকে মেৰামতি কৰিলে।

7যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰাবীয়া, আম্মোনীয়া, আৰু অচদোদীয়াৰ লোকসকল অতিশয় ক্ৰোদ্ধাম্বিত হ’ল।

8তেওঁলোকে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ আৰু তাত বিসংগতিৰ সৃষ্টি কৰিবলৈ সকলোৱে একগোট হৈ চক্ৰান্ত কৰিলে।

9কিন্তু আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁলোকৰ ভাবুকিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বিৰুদ্ধে দিনে ৰাতিয়ে প্রহৰী নিযুক্ত কৰিলোঁ।

10তাৰ পাছত যিহূদাৰ লোকসকলে ক’লে, “তাত বহুতো ভগ্নস্তূপ আছে আৰু ভাৰ বোৱাসকলৰ শক্তি হ্রাস পোৱা কাৰণে আমি পুনৰ দেৱাল সাজিবলৈ অক্ষম হৈছোঁ।”

11আমাৰ শত্রুবোৰে ক’লে, “আমি তেওঁলোকৰ মাজত সোমাই তেওঁলোকক বধ কৰি কাম বন্ধ নকৰালৈকে তেওঁলোকে নাজানিব আৰু নেদেখিবও।”

12সেই সময়ত তেওঁলোকৰ ওচৰত থকা যিহুদীসকলে সকলো দিশৰ পৰা আহি তেওঁলোকে আমাৰ বিৰুদ্ধে কৰা আচনিৰ বিষয়ে আমাক দহবাৰলৈকে সতৰ্ক কৰি ক’লে।

13সেয়েহে মই দেৱালৰ তলভাগৰ মুকলি অংশত স্থিতি ললোঁ। মই প্রতি পৰিয়ালক নিজৰ নিজৰ স্থান দিলোঁ। তেওঁলোকৰ তৰোৱাল, যাঠী, আৰু ধনু আছিল।

14মই চাই, থিয় হৈ প্ৰধান লোকসকল, অধ্যক্ষসকল, আৰু আন আন লোকসকলক ক’লো, “তোমালোকে তেওঁলোকৰ কাৰণে ভয় নকৰিবা। মহান আৰু ঐশ্ৱৰ্য্যৱান ঈশ্ৱৰক সোঁৱৰণ কৰা। তোমালোকৰ পৰিয়াল, পুত্র আৰু কন্যা, ভাৰ্য্যা আৰু তোমালোকৰ ঘৰৰ বাবে যুদ্ধ কৰা।”

15আমাৰ শত্রুবোৰে যেতিয়া শুনিলে যে, আমি তেওঁলোকৰ পৰিকল্পনাৰ কথা গম পাইছোঁ, সেই সময়ত ঈশ্বৰে তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ কৰিলে। তেতিয়া, আমি সকলোৱে দেৱাললৈ ঘূৰি আহি নিজৰ নিজৰ কামত লাগিলোঁ।

16মূখ্য লোকসকলে যেতিয়া যিহূদাৰ লোকসকলৰ পাছফালে থিয় আছিল, তেতিয়াৰে পৰা মোৰ দাস সকলৰ মাজৰ আধা সংখ্যক লোকে কেৱল দেৱালৰ পুনৰ নিৰ্ম্মাণৰ কাম কৰিলে আৰু আধা সংখ্যক লোকে যাঠী, ঢাল, আৰু ধনু আৰু যুদ্ধৰ বস্ত্র পিন্ধি থাকিল।

17দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।

18দেৱাল নিৰ্ম্মাণ কৰোঁতা প্ৰতিজনে কাষত তৰোৱাল লৈছিল আৰু সেইদৰেই কাম কৰিছিল। যি জনে তূৰী বজাইছিল তেওঁ মোৰ ওচৰত থিয় হৈছিল।

19মই প্ৰধান লোকসকলক, কৰ্ম্মচাৰী সকলক, আৰু অৱশিষ্ট লোকসকলক ক’লোঁ, “এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি দেৱালৰ ওপৰত ইজনে সিজনৰ পৰা দুৰত থাকি পৃথকে আছোঁ।

20তোমালোকে যি ঠাইত তূৰীৰ মাত শুনিবা, সেই ঠাইলৈ তৎক্ষণাত গৈ তোমালোকে সমবেত হ’বা। আমাৰ ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব।”

21সেয়েহে আমি এই কাৰ্য কৰি আছোঁ। তেওঁলোকৰ মাজত আধা সংখ্যক লোকে বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে যাঠী ধৰি থাকে।

22সেই সময়ত ময়ো লোকসকলক ক’লোঁ, “প্ৰতিজন লোক আৰু তেওঁৰ দাসে যিৰূচালেমৰ মাজত ৰাতিটো অতিবাহিত কৰক, সেয়ে তেওঁলোক ৰাতি আমাৰ ৰখীয়া হ’ব, আৰু দিনত কাম কৰিব।”

23সেয়েহে মই, নাইবা মোৰ ভাইসকল, মোৰ দাস সকল, আৰু মোক অনুসৰণ কৰা ৰখীয়ালোকসকলৰ, কোনেও কাপোৰ সলনি কৰা নাছিলোঁ আৰু এনেকি পানী খাবলৈ যাওঁতেও প্ৰতিজনে নিজৰ অস্ত্ৰ কঢ়িয়াইছিলোঁ।


  Share Facebook  |  Share Twitter

 <<  Nehemiah 4 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran