Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 82 >> 

1ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাসকলৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।

2“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)

3তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায়বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।

4দুখীয়া আৰু কঙালক বঁচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”

5তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।

6মই ক’লো, “তোমালোকেই দেৱতাসকল; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।

7কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”

8হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।


  Share Facebook  |  Share Twitter

 <<  Psalms 82 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran