Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 76 >> 

1যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।

2চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতিস্থান আছে।

3তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা]

4তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, যত তুমি তোমাৰ শিকাৰ আহত কৰিছিলা।

5এই দুঃসাহিয়ালসকলক অপহৰণ কৰা হল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হল। পৰাক্ৰমীসকল অসহায় হ’ল।

6হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথচালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।

7তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হব পাৰে?

8তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হ’য়; পৃথিবী আতঙ্কিত হৈ নিৰৱে আছিল।

9হে ঈশ্বৰে তুমি উঠা বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা।[চেলা]

10অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেইলোকসকলৰ প্ৰসংশাৰ কাৰণ হ’ব; তুমি সমৰ্পূণকৈ ক্রোধ প্রকাশ কৰিবা।

11তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।

12তেওঁ ৰাজকোৱঁৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।


  Share Facebook  |  Share Twitter

 <<  Psalms 76 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran