Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 75 >> 

1হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আছৰিত কাৰ্য্যবোৰ বৰ্ণনা কৰি আছে।

2যেতিয়া নিৰুপিত সময় উপস্থিত হব ; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।

3যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভযাতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা]

4মই অহঙ্কাৰীসকলক কলোঁ, “তোমালোকে অহঙ্কাৰৰে কাৰ্য্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; দুষ্টসকল জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহওক।

5তোমালোক জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্বকৰি কথা নকবা।”

6কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয়লাভ নহয়।

7কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক উপৰলৈ তোলে।

8কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ আটাই দুষ্টলোকসকলক অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।

9কিন্তু মই হলে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতিগান কৰিম।

10তেওঁ ক’লে,“মই দুষ্টলোকসকলৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্ম্মিক লোকসকলৰ শিং উচ্চ কৰিম।”


  Share Facebook  |  Share Twitter

 <<  Psalms 75 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran