Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 73 >> 

1অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক; তেওঁ শুদ্ধ-চিত্তীয়াসকললৈ শুভ কৰোঁতা।

2কিন্তু মোৰ ভৰি হলে প্ৰায় পিছল খাইছিল; মোৰ খোজ প্ৰায়েই পিছলি গৈছিল।

3তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।

4কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়; কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে।

5তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়; অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোকে বিপদতো নপৰে।

6এই কাৰণে অহঙ্কাৰ তেওঁলোকৰ দিঙিৰ হাৰস্বৰূপ; অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণস্বৰুপ হৈছে।

7তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; তেওঁলোকৰ মন্দ চিন্তা শেষপর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।

8তেওঁলোকে মহাবিদ্রোপৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।

9তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।

10এই কাৰণে ঈশ্বৰৰ সন্তানসকল তেওঁলোকৰ ফালে ঘূৰি যায়; গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে।

11তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? সৰ্ব্বোপৰি জনে জানো কিহবলৈ গৈ আছে তাক জানিব?”

12চোৱা তেওঁলোক দুষ্ট; তেওঁলোকৰ মনৰ ভাৱ সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে।

13নিশ্চয় মই অনর্থক মোৰ হৃদয় সংৰক্ষণ কৰি ৰাখিলোঁ; হাত ধুই নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিলোঁ।

14কিয়নো মই ওৰে দিনটো আঘাতিত হলো; প্ৰতি ৰাতিপুৱা বিনয়ী হ’লোঁ।

15যদি মই কলোহেতেন, “সেইদৰে কম বুলি ভাবিলোহেঁতেন; তেন্তে চোৱা, তোমাৰ সন্তানসকলৰ বংশলৈ বিশ্বাসঘাতক হলোহেঁতেন।

16যেতিয়া এইবোৰ কাম মই কেনেকৈ বুজিম বুলি চিন্তা কৰিছিলোঁ; এইটো মোৰ কাৰণে বহুত কঠিন আছিল।

17তেতিয়া, মই ঈশ্বৰৰ পবিত্ৰস্হানত নোসোমোৱালৈকে; আৰু তেওঁলোকৰ বিশ্বাস বিবেচনাকৰি বুজিনোপোৱালৈকে, মোৰ পক্ষে এইটো অত্যন্ত কষ্টদায়ক হৈছিল।

18সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।

19তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়! নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হব।

20তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছজ্ঞান কৰাৰ নিচিনাকৈ; হে ঈশ্বৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছজ্ঞান কৰিবা।

21যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ; আৰু মোৰ অন্তৰত আঘাত লাগিছিল।

22তেতিয়া মই অজ্ঞান আৰু মনৰকল্পনা অভাব বোধ কৰিছিলোঁ; তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ।

23তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাতখনত ধৰি ৰাখিলা।

24তুমি তোমাৰ উপদেশৰে মোক পথ দেখুৱাবা, পৰবর্তীসময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।

25তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।

26মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি।

27কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকাসকলৰ সর্বনাশ হব; তোমাক এৰি অবিশ্বাসীহোৱা সকলোকে তুমি ধ্বংস কৰিবা।

28কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভুযিহোৱাক মোৰ আশ্রয়স্থান গ্রহণ কৰিলো; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।


  Share Facebook  |  Share Twitter

 <<  Psalms 73 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran