Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 70 >> 

1হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শিঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।

2যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।

3যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।

4তোমাক বিচাৰোতাসকল তোমাত আনন্দকৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতাসকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।

5কিন্তু মই হলে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আঁহা; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।


  Share Facebook  |  Share Twitter

 <<  Psalms 70 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran