Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 64 >> 

1হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।

2দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীসকলৰ মানসিক উত্তেজনাৰ অপৰাধ বোৰৰপৰা মোক গুপুতে ৰাখা।

3তেওঁলোকে তৰোৱাল ধৰোৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।

4নির্দোষিজনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।

5সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “আমাক কোনে দেখিব?”

6তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ; প্ৰত্যেকৰ আন্তৰিক ভাৱ আৰু হৃদয় গভীৰ।

7কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।

8তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰুদ্ধি হ’ল; যি সকলে তেওঁলোকক অস্থিৰভাৱে দেখিব; তেওঁলোক সকলোৱে সেইসকলক দেখি মূৰ জোকাৰিব।

9সকলো মানুহে ভয় কৰিব; তেওঁলোকে ঈশ্বৰৰ কার্য ঘোষণা কৰিব, ঈশ্বৰৰ কাৰ্য্যৰ বিষয়ে জ্ঞানেৰে বিবেচনা কৰিব।

10ধাৰ্ম্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় লব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।


  Share Facebook  |  Share Twitter

 <<  Psalms 64 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran