Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 26 >> 

1হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।

2হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।

3কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰো।

4প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।

5মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; দুষ্ট লোকৰ লগত নবহো।

6হে যিহোৱা, মই মোৰ নির্দোষিতাত হাত ধুওঁ, আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰো,

7যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰো; তোমাৰ আচৰিত কৰ্ম্মবোৰ প্ৰচাৰ কৰিব পাৰো।

8হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।

9পাপীসকলৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।

10তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।

11কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা; মোক কৃপা কৰা।

12মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।


  Share Facebook  |  Share Twitter

 <<  Psalms 26 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran