Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 115 >> 

1হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্বস্ততাৰ অর্থেই কৰা।

2আন জতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”

3আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।

4তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য্য।

5সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;

6কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;

7হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে।

8যিসকলে সেইবোৰক নিৰ্ম্মান কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।

9হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

10হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

11হে যিহোৱাৰ ভয়কাৰীসকল, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

12যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;

13যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।

14যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তানসকলক বৃদ্ধি কৰক।

15যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।

16স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।

17মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।

18কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।


  Share Facebook  |  Share Twitter

 <<  Psalms 115 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran