Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 108 >> 

1হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।

2হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।

3হে যিহোৱা, জাতিসকলৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।

4কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্বস্ততা মেঘ পর্যন্ত ব্যাপ্ত।

5হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

6তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া।

7ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।

8গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;

9মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টীয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”

10কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?

11হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুণৰ নোযোৱা।

12শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।

13ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।


  Share Facebook  |  Share Twitter

 <<  Psalms 108 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran