Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 101 >> 

1মই দয়া আৰু ন্যায়বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।

2মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।

3মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।

4কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।

5যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহঙ্কাৰী মনৰ লোকক মই সহ্য নকৰিম।

6দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।

7ছলনাকাৰীসকল মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীসকল মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।

8প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।


  Share Facebook  |  Share Twitter

 <<  Psalms 101 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran