Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Mark 8 >> 

1সেই সময়ত বহু মানুহ দলে দলে আহি গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে,

2"এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।

3যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেন্তে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে।"

4তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক ক'লে, "এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি ক’ৰ পৰা যোগাৰ কৰিব পাৰিম?”

5তেতিয়া তেওঁ তেওঁলোকক সুধিলে, "তোমালোকৰ কেইটা পিঠা আছে?" তেওঁলোকে ক’লে, "সাতোটা।"

6তেতিয়া তেওঁ লোক সমুহক মাটিত বহিবলৈ আজ্ঞা দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সমুহক বিলাই দিলে।

7আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্ব্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে।

8তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে।

9তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। পাছত যীচুৱে তেওঁলোকক বিদায় দিলে,

10তাৰ পাছত তেওঁ শিষ্য সকলৰ সৈতে নাৱত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গ'ল।

11তেতিয়া ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বর্গৰ পৰা কোনো এটা চিন বিচাৰিলে।

12তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, "এই কালৰ লোক সকলে কিয় চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।"

13পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।

14তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল ।

15এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, "চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।"

16তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি ক’লে, "অ! আমাৰ পিঠা নাই।"

17যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, "তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?

18তোমালোকৰ চকু আছে কিন্তু নেদেখা ? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?

19মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰিবোৰৰ কেইটা পাচি তুলি লৈছিলা?" তেওঁলোকে ক’লে, "বাৰটা।"

20"আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰিবোৰৰ কেইটা পাচি তুলি লৈছিলা?" তেওঁলোকে ক’লে, "সাতোটা।"

21তেতিয়া তেওঁ তেওঁলোকক ক’লে, "তেন্তে তোমালোকে এতিয়ালৈকে বুজা নাই নে?"

22পাছত তেওঁলোক বৈৎচৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।

23তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- "কিবা দেখিছা নে?"

24তেতিয়া তেওঁ চকু তুলি চাই ক’লে, "লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।"

25তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্ট কৈ দেখিলে।

26পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, "নগৰত নোসোমাবা।"

27পাছত যীচু তেওঁৰ শিষ্য সকলৰ সৈতে চীজাৰিয়া ফিলিপীৰ গাওঁবোৰলৈ ওলাই গ’ল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, "মানুহবোৰে মোক কোন বুলি কয়?”

28তেতিয়া তেওঁলোকে ক’লে- "কিছুমানে যোহন বাপ্তাইজক; কিছুমানে 'এলিয়া;' আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।'

29তেতিয়া তেওঁলোকক সুধিলে, "কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?" পিতৰে উত্তৰ দি তেওঁক ক’লে, "আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জন।"

30তেতিয়া তেওঁৰ বিষয়ে তেওঁলোকে কাৰো আগত নকবৰ বাবে, তেওঁ তেওঁলোকক নিষেধ কৰিলে।

31তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা পৰিত্যসক্ত হ’ব আৰু প্রধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব।

32তেওঁ এই কথা স্পষ্টভাৱে ক’লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।

33কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক অনুযোগ কৰি ক’লে, "মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।"

34পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সমুহক ওচৰলৈ মাতি আনি ক’লে, "কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক।

35কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্ত্তাৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ সেই প্ৰাণ ৰক্ষা কৰিব।

36কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ প্ৰাণ হেৰুৱাই, তেন্তে তেওঁৰ কি লাভ?

37কিয়নো মানুহে আপোন প্ৰাণৰ সলনি কি দিব পাৰে?

38কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰভাৱেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।"


  Share Facebook  |  Share Twitter

 <<  Mark 8 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran