Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Matthew 27 >> 

1পাছত ৰাতি পুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে;

2তেওঁক বান্ধিলে আৰু পীলাত নামেৰে দেশাধিপতিৰ হাতত শোধাই দিলে।

3তেতিয়া তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহুদাই তেওঁৰ দণ্ডাজ্ঞা হোৱা দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ডেৰকুৰি ৰূপ ওভোতাই দিলে; আৰু ক’লে, 'নিৰ্দ্দোষীৰ তেজ শোধাই দিয়াত, মই পাপ কৰিলোঁ'।

4কিন্তু তেওঁলোকে ক’লে, 'তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা'।

5তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল'লে।

6পাছত প্ৰধান পুৰোহিত সকলে সেই ৰূপ লৈ ক’লে, "এই ৰূপ তেজৰ মুল্য হোৱা হেতুকে ভৰালত থব নাপায়"।

7তাতে তেওঁলোক একত্ৰিত হৈ পৰামৰ্শ কৰিলে আৰু বিদেশী সকলক মৈদাম দিবলৈ সেই ৰূপেৰে কুমাৰৰ পথাৰ কিনিলে।

8এই কাৰণে আজিলৈকে সেই পথাৰ 'তেজৰ মাটি' বুলি জনাজাত।

9তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে "ইস্ৰায়েলৰ সন্তানৰ কোনো কোনোৱে যি জনৰ মুল্য নিৰূপণ কৰিলে, সেই মুল্য নিৰূপণ কৰা জনৰ ডেৰকুৰি ৰূপ সিহঁতে ললে,

10অাৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে", এই বচন সিদ্ধ হ’ল।

11পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, "তুমি ইহুদী সকলৰ ৰজা নে"? যীচুৱে তেওঁক ক’লে, "ঠিক তুমিয়েই কৈছা"।

12কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে।

13তেতিয়া পীলাতে তেওঁক ক’লে, ''এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে''?

14কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।

15সেই পৰ্ব্বৰ সময়ত লোক সকলে যি বন্দীক মুকলি কৰি দিয়াটো ইচ্ছা কৰে, দেশাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়ে, তেওঁৰ এনে দস্তুৰ আছিল।

16সেই সময়ত বাৰাব্বা নামেৰে এজন কুখ্যাত কাৰাবন্দী আছিল।

17তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, "মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক"?

18কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল।

19পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্য্যাই তেওঁলৈ কৈ পঠালে, বোলে, "সেই ধাৰ্ম্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালো।"

20কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে বাৰাব্বাক মুকলি কৰি দিবলৈ আৰু যীচুক বিনষ্ট কৰাবলৈ লোক সকলক উচটালে।

21তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁলোকক ক’লে, "এই দুই জনৰ মাজত মই কোন জনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা"? তেওঁলোকে ক’লে, "বাৰাব্বাক''।

22পীলাতে তেওঁলোকক ক’লে, ''তেনেহ’লে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম?" সকলোৱে ক’লে, ''তাক ক্ৰুচত দিয়ক।"

23তাতে তেওঁ ক’লে, ''কিয়? তেওঁ কি দোষ কৰিলে''? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, ''তাক ক্ৰুচত দিয়ক''।

24তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংৰ্ঘষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, ''এই ধাৰ্ম্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা''।

25তাতে সকলোৱে উত্তৰ দি ক’লে, ''তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক''।

26তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্ৰুচত দিবলৈ শোধাই দিলে।

27তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিট’ৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে;

28আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ ৰাজবস্ত্ৰ পিন্ধাই দিলে৷

29কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে- "হে, ইহুদী সকলৰ ৰজা, জয় হওক!"

30তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে।

31এইদৰে তেওঁক বিদ্ৰূপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্ৰুচত দিবলৈ লৈ গ’ল।

32পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে, তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে।

33তেওঁলোকে তেতিয়া গলগথা, অৰ্থাৎ "মুৰৰ লাওখোলা" নামেৰে এখন ঠাই পালে.

34তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে; কিন্তু তেওঁ তাক চেকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে।

35পাছত তেওঁলোকে যীচুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি ভাগ-বাঁটি ল’লে;

36আৰু তাতে বহি তেওঁলোকে যীচুক পহৰা দি থাকিল।

37তেওঁৰ এই অপবাদ লিখি, মুৰত এখন ফলক আৰি দিলে, "এই জন ইহুদী সকলৰ ৰজা যীচু"৷

38সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল।

39সেই সময়ত বাটেদি অহা-যোৱা কৰা বাটৰুৱাবোৰে মুৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে,

40"হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে ক্ৰুচৰ পৰা নামি আহা।'

41সেইদৰে প্ৰধান পুৰোহিত, পৰিচাৰক সকলে বিদ্ৰূপ কৰি ক'লে,

42''তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।

43তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভাল পায়, তেন্তে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল "ময়েই ঈশ্বৰৰ পুত্ৰ।"

44তেতিয়া তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰেই নিন্দা কৰিলে।

45পাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ’ল;

46আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, "এলী, এলী, লামা চবক্তানী?" অৰ্থাৎ, ''হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা?

47তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি ক’লে, "তেওঁ এলিয়াক মাতিছে।"

48তেতিয়াই তেওঁলোকৰ মাজৰ এজনে ল’ৰি গৈ, স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে।

49কিন্তু আনবোৰে ক’লে, "অকলে থকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ।"

50তেতিয়া যীচুৱে বৰ মাতেৰে ৰিঙিয়ালে আৰু প্ৰাণত্যাগ কৰিলে।

51চোৱা, তেতিয়াই মন্দিৰৰ আৰঁ-কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;

52তেতিয়া মৈদামবোৰ মুকলি হৈ গ'ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল।

53তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ'ল আৰু বহু ব্যক্তিক দেখা দিলে।

54পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, "এওঁ সচাঁকৈয়ে ঈশ্বৰৰ পুত্ৰ।"

55গালীলৰ পৰা তেওঁৰ পাছে পাছে বহুতো মহিলা আহিছিল, তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল৷

56তেওঁলোকৰ ভিতৰত মগ্দলিনি মৰিয়ম, যাকোব আৰু যোচেফৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক, আদি কৰি যীচুৰ সেৱা-শুশ্ৰষা কৰিবলৈ যীচুৰ লগত অহা মহিলা সকল আছিল৷

57তেতিয়া গধূলি হৈ আহিছিল, তালৈ অৰিমাথিয়া নগৰৰ পৰা এজন ধনী মানুহ অাহিল, তেওঁৰ নাম যোচেফ, তেওঁ যীচুৰ শিষ্য আছিল৷

58তেওঁ পীলাতৰ ওচৰলৈ গৈ, যীচুৰ দেহ খুজিলে; তেতিয়া পীলাতে দেহ দিবলৈ আজ্ঞা দিলে।

59পাছত যোচেফে দেহ লৈ, শণ-সুতাৰ মিহি চাফা কাপোৰেৰে দেহটো মেৰিয়ালে,

60আৰু নিজৰ বাবে শিলত খান্দি থোৱা যি মৈদাম আছিল, তাৰ ভিতৰত দেহটো শুৱাই থলে৷ এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ দুৱাৰত থলে আৰু তেওঁলোক তাৰ পৰা গুচি গ’ল।

61কিন্তু মগ্দলীনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ, মৈদামৰ বিপৰীত দিশত বহি আছিল।

62পাছ দিনা অৰ্থাৎ আয়োজন দিনৰ পাছ দিনা, প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে পীলাতৰ ওচৰত গোট খাই ক’লে,

63"হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, 'তিন দিনৰ মুৰত মই পুনৰাই উঠিম', এতিয়া এই কথা আমাৰ মনত পৰিছে।

64এই হেতুকে, তৃতীয় দিনলৈকে তেওঁৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক; কিজানি তেওঁৰ শিষ্যবোৰে আহি তেওঁৰ দেহ চুৰ কৰি নিব আৰু মানুহবোৰক ক’ব, 'তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল'; যদি সেয়ে হয় তেনেহ’লে ই প্ৰথম ভ্ৰান্তিতকৈয়ো শেষ ভ্ৰান্তি অধিক হানি জনক হ’ব।"

65পীলাতে তেওঁলোকক ক’লে, 'তোমালোকে এদল চন্তৰী লোৱা; এতিয়া যোৱা আৰু তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ।"

66তাৰ পাছত তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰিলে আৰু এদল চন্তৰীক মৈদাম ৰখিবলৈ দায়িত্ব দিলে।


  Share Facebook  |  Share Twitter

 <<  Matthew 27 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran