Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Luke 9 >> 

1পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷

2ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷

3তেওঁ তেওঁলোকক ক’লে, "যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা-- লাখুটি বা মোনা, বা পিঠা বা ধন-- বা দুটাকৈ চোলাও নলবা;

4আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।

5আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।"

6পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ'ল।

7সেই সময়ত হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্ত্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ'ল,

8আৰু আন কিছুমান লোকে কব ধৰিলে যে, "এলিয়া পুণৰ আবির্ভুত হৈছে" আৰু কিছুমানে কলে যে পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জীয়াই উঠিছে৷"

9হেৰোদে কলে "মই যোহনৰ মুণ্ডচ্ছেদ কৰিলোঁ; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনো?" তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে।

10পাছত যি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ, বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে, কোনোৱে নজনাকৈ আতৰি গ’ল।

11কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।

12দিনৰ প্ৰায় শেষ ভাগত বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি কলে, "আমি যি ঠাইত আহি আছো সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷"

13কিন্তু যীচুৱে তেওঁলোকক কলে, "তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।" তেতিয়া তেওঁলোকে কলে- "আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷"

14কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক ক’লে, "তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।"

15তেতিয়া তেওঁলোকে আতাইকে তেনেদৰেই বহিবলৈ দিলে।

16যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্ব্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে।

17তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল। পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল।

18এদিন যীচুৱে নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰা সময়ত শিষ্য সকলো তেওঁৰ লগত আছিল, সেই সময়ত তেওঁ শিষ্য সকলক সুধিলে- "লোক সকলে মোক কোন বুলি কয়?"

19তেতিয়া তেওঁলোকে উত্তৰ দি কলে, "যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্ব্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।"

20তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, "কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?" তাতে পিতৰে উত্তৰ দি কলে, "ঈশ্বৰৰ অভিষিক্ত জন।"

21তেতিয়া এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক দৃঢ় আজ্ঞা দিলে;

22আৰু তেওঁ কলে, "মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হব লাগিব।

23যীচুৱে সকলোৰে আগত কলে, "কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।

24কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব।

25কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেন্তে তেওঁৰ কি লাভ?

26কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰভাৱেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।

27কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷"

28এই কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্ব্বতৰ ওপৰলৈ গ’ল।

29তাতে প্ৰাৰ্থনা কৰোতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্য ৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্‌মকীয়া হ’ল।

30সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল;

31তেওঁলোকক জ্যোতিৰ্ম্ময় দেখা গৈছিল৷ তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যু বৰণ কৰিব সেই বিষয়ে কথা পাতি আছিল।

32তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ প্ৰভাৱ আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে।

33তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোঁতে, পিতৰে যীচুক ক’লে, "হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজো৷" পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷

34এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিওফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল।

35তেতিয়া সেই মেঘৰ পৰা এই বাণী শুনিলে, "এওঁ মোৰ পুত্ৰ, মোৰ মনোনীত জন, এওঁৰ কথা শুনা।"

36সেই বাণী হোৱা মাত্ৰে, যীচুক অকলে দেখা গ'ল আৰু তেওঁলোকে সেই সময়ত যি যি দেখিছিল, নীৰৱে থাকি কাকো একো কথা কোৱা নাছিল৷

37তাৰ পাছদিনা তেওঁলোক পৰ্ব্বতৰ পৰা নমাৰ পাছত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ’ল।

38সেই সময়ত মানুহবোৰৰ মাজৰ পৰা এজনে ৰিঙিয়াই কলে, "হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল'ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা।

39আৰু চাওঁক আত্মাই তাক ধৰাত সি অকস্মাতে আটাহ পাৰে আৰু তাক মুচৰিলে মুখৰ পৰা ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি যায়।

40মই সেই অশুচি আত্মাক খেদাবলৈ আপোনাৰ শিষ্য সকলক মিনতি কৰিলো, কিন্তু তেওঁলোকে নোৱাৰিলে।"

41তেতিয়া যীচুৱে উত্তৰ দি কলে, "হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ ল'ৰা জনক ইয়ালৈ আনা।"

42তাতে সি আহোতেই ভূতে তাক আছাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীচুৱে সেই অশুচি আত্মাক ডাবি দি খেদিলে আৰু ল’ৰা জনক সুস্থ কৰি বাপেকৰ হাতত শোধাই দিলে।

43তাতে ঈশ্বৰৰ মাহাত্ম্য দেখি সকলোৱে বিস্ময় মানিলে।

44কিন্তু তেওঁ কৰা সকলো কৰ্মত আটাইবোৰে বিস্ময় মানি থাকোঁতে, তেওঁ শিষ্য সকলক কলে, "এই সকলো কথা তোমালোকে মনত ৰাখিবা; কিয়নো মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব।"

45কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে।

46পাছত তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথা লৈ তেওঁলোকৰ বাদ-বিচাৰ হৈছিল।

47কিন্তু যীচুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি পোৱাত সৰু ল’ৰা এজনক নিজৰ কাষত বহুৱাই ললে৷

48তাৰ পাছত তেওঁলোকক ক’লে, "যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।"

49পাছত যোহনে মাত লগাই কলে, "হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা দেখিলোঁ; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে অহা নাই কাৰণে আমি তেওঁক নিষেধ কৰিলোঁ।"

50তেতিয়া যীচুৱে তেওঁক কলে, "তেওঁক নিষেধ নকৰিবা; কিয়নো যি জন তোমালোকৰ বিপক্ষ নহয়, তেওঁ তোমালোকৰ সপক্ষ।"

51পাছত যীচুৰ স্ৱর্গলৈ যোৱাৰ সময় প্ৰায় পূর্ণ হোৱাৰ অৱস্থাত, তেওঁ যিৰূচালেমৰ দিশে আগবাঢ়ি যাবলৈ মনস্থ কৰিলে৷

52তেওঁ সেই ঠাই গৈ পোৱাৰ আগেয়ে কিছুমান বার্তাবাহকক পঠালে, তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ যুগুত কৰিবলৈ চমৰীয়া সকলৰ এখন গাঁৱত সোমাল।

53কিন্তু তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মন স্থিৰ কৰাত, সেই ঠাইৰ লোক সকলে তেওঁক গ্ৰহণ নকৰিলে।

54ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, "হে প্ৰভু, আকাশৰ পৰা জুই ওলাই সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?"

55কিন্তু তেওঁ মুখ ঘূৰাই তেওঁলোকক অনুযোগ কৰিলে।

56তাৰ পাছত তেওঁলোক আন এখন গাঁৱলৈ গ’ল।

57তেওঁলোকে বাটত যাওঁতে, এজন মানুহে যীচুক কলে, "আপুনি য’লৈকে যায় ত’লৈকে ময়ো আপোনাৰ পাছে পাছে যাম।"

58যীচুৱে তেওঁক কলে, "শিয়ালৰ গাঁত আছে আৰু আকাশৰ চৰাইৰো বাহ আছে কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ কোনো ঠাই নাই।"

59পাছত যীচুৱে আন এজনক ক’লে, "তুমি মোৰ পাছে পাছে আহা।" কিন্তু তেওঁ ক’লে, "হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷"

60তেতিয়া তেওঁ সেই মানুহ জনক কলে, "মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা।"

61আন এজনে কলে, "হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।"

62যীচুৱে তেওঁক কলে, "যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।"


  Share Facebook  |  Share Twitter

 <<  Luke 9 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran