Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Luke 8 >> 

1তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল৷

2ইয়াৰ উপৰিও অশুচি আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভুতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী বুলি মতা সেই মৰিয়ম;

3আৰু হেৰোদ ৰজাৰ ঘৰগিৰি কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল৷ এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিছিল।

4সেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীচুৰ ওচৰত এক গোট হৈছিল৷ তেতিয়া তেওঁ উপদেশ দিব ধৰোতে, এই দৃষ্টান্ত দি কলে, "এজন খেতিয়কে বীজ সিচিবলৈ গ’ল;

5তাতে বীজ সিচাৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে।

6কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ’ল।

7কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে।

8কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷" এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে কলে- "যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷"

9পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, "এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?"

10তাতে তেওঁ ক’লে, "ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷"

11দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য।

12বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্ৱাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷ ।

13আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।

14আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, আৰু সুখত মগ্ন হোৱাত,এওঁলোকৰ একো ফল সিদ্ধ নহয়।

15কিন্তু ভাল মাটিত পৰা বীজবোৰ হ'ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্য্যৰে ফল উৎপন্ন কৰে।

16কোনেও চাকি লগাই পাত্ৰেৰে ঢাকি নথয় বা বিচনাৰ তলত নথয়; কিন্তু ভিতৰলৈ অহা সকলে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়।

17কিয়নো যি প্ৰকাশিত নহ’ব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহ’ব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই।

18এতেকে আপোনালোকে কি দৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ’ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ'ব।"

19সেই সময়ত যীচুৰ মাক আৰু ভায়েক সকল তেওঁৰ ওচৰলৈ আহিছিল; কিন্তু লোক সকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে।

20তেতিয়া তেওঁক এই সম্বাদ দিয়া হ’ল যে, "আপোনাৰ আই আৰু ভাই সকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।"

21কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, "যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।

22পাছত এদিন যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, "আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ; তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল।

23কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল।

24তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক’লে "হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।" তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ'ল আৰু সকলোবোৰ শান্ত হৈ পৰিল।

25তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "তোমালোকৰ বিশ্বাস ক’ত?" তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক কলে, "এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!"

26পাছত তেওঁলোকে গালীলৰ সন্মুখত থকা গেৰাচেনীয়া সকলৰ দেশ পালেগৈ।

27তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ’ল৷ সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল।

28সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, "হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।"

29কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অশুচি আত্মাক আজ্ঞা দিছিল; কিয়নো সেই অশুচি আত্মাই মানুহ জনক বহু দিনৰ পৰা ধৰি আছিল৷ মানুহ জনক শিকলি আৰু বেৰিৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল; কিন্তু সি বান্ধ ছিগি, ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল।

30তেতিয়া যীচুৱে তাক সুধিলে, "তোৰ নাম কি?" তেতিয়া সি কলে, "বাহিনী"; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল।

31পাছত সেই ভূতহঁতক অগাধ ঠাইলৈ যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে।

32সেই সময়ত পর্ব্বতত এজাক গাহৰি চৰি আছিল৷ তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে৷ তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে৷

33সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।

34এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাৱেঁ-ভুয়ে সম্বাদ দিলে।

35তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে।

36আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক’লে।

37তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালে সকলো মানুহে তেওঁলোকৰ ওচৰৰ পৰা উভতি যাবলৈ যীচুক মিনতি কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।

38তাতে তেওঁ নাৱত উঠি, উলটি গ’ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ’ল, সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে; কিন্তু তেওঁ তাক পঠিয়াই দি কলে,

39"তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।" তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে।

40পাছত যীচু ঘূৰি আহোতে, লোকসমূহে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল।

41আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;

42কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷

43সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ-যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ব্যয় কৰিও সুস্থ হোৱা নাছিল৷

44সেইজনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ-যোৱা তেতিয়াই বন্ধ হৈ গ'ল।

45তাতে যীচুৱে কলে, "মোক কোনে চুলে?" তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক’লে, "হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।"

46কিন্তু যীচুৱে ক’লে, "কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলোৱা মই গম পালোঁ।"

47তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ'ল; সেই বিষয়ে সকলোৰ আগত কলে।

48তেতিয়া যীচুৱে তেওঁক কলে, "আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।"

49তেওঁ এই কথা কৈ থাকোতেই, নাম-ঘৰৰ গৰাকীৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক’লে, "তোমাৰ জীয়েৰা মৰিল; গুৰুক আৰু দুখ নিদিবা।"

50কিন্তু যীচুৱে সেই কথা শুনি তেওঁক উত্তৰ দিলে, "ভয় নকৰিবা; বিশ্বাস মাথোন কৰা আৰু তাতেই তাই ৰক্ষা পৰিব।"

51পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে।

52আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক’লে, "তোমালোকে নাকান্দিবা; তাই মৰা নাই, টোপনিতহে মাত্ৰ আছে।"

53কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে।

54কিন্তু তেওঁ তাইৰ হাতত ধৰি, মাতি ক’লে, "আইটি, উঠা।"

55তেতিয়াই তাইৰ প্ৰাণ উভতি আহিল আৰু তাই উঠি বহিল৷ তেতিয়া তাইক খাবলৈ দিবৰ বাবে যীচুৱে আদেশ দিলে৷

56তাতে তাইৰ মাক-দেউতাকে বিস্ময় মানিলে; কিন্তু এই ঘটনাৰ কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে।


  Share Facebook  |  Share Twitter

 <<  Luke 8 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran