Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Acts 6 >> 

1সেই সময়ত শিষ্যসকলৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছিল। গ্ৰীকভাষী ইহুদী সকলে স্থানীয় ইব্ৰী ভাষী ইহুদী সকলৰ বিৰুদ্ধে অভিযোগ আনিলে যে, খাদ্য বিতৰণৰ সময়ত প্ৰতিদিনে তেওঁলোকৰ বিধবাসকলক অৱহেলা কৰা হৈছে ।

2তেতিয়া বাৰজন পাঁচনিয়ে সকলো শিষ্যকে মাতি আনি কলে-“আমাৰ কাৰণে ঈশ্বৰৰ বাক্য অৱহেলা কৰি ভোজন পৰিবেশন কৰাৰ নিচিনা কথাত লাগি থকা সঠিক কার্য হোৱা নাই।

3এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাতজন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম।

4ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”

5তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোকসকলক মনোনীত কৰিলে - স্তিফান, (তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল); ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় (এই ব্যক্তিজনে ইহুদী ধর্ম গ্রহণ কৰিছিল)।

6বিশ্বাসীসকলে এই সাত জন লোকক পাঁচনিসকলৰ আগলৈ আনিলে আৰু পাঁচনিসকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।

7তাৰপাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্যসকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰিও ইহুদী পুৰোহিতসকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে।

8স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোকসমুহৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।

9কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়া, আলেকজেন্দ্রিয়া, কিলকিয়া আৰু এচিয়াৰ কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে।

10কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে।

11তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এইবুলি কবলৈ দিলে যে, “ আমি শুনিছো স্তিফানে মোচি আৰু ঈশ্বৰৰ বিৰুদ্ধে নিন্দা কৰিছে।”

12এনেদৰে তেওঁলোকে জনসাধাৰণ, জেষ্ঠ লোক আৰু অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে।

13তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহজনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে।

14কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”

15তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গদূতৰ মুখৰ নিচিনা দেখিলে।


  Share Facebook  |  Share Twitter

 <<  Acts 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran