Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Acts 13 >> 

1আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক বাৰ্ণব্বা, চিমোন, যিজনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মন্‌হেম আৰু চৌল৷

2যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, "যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ নিমিত্তে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷"

3তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷

4এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ'ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ'ল৷

5তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷

6এইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিওফালে ফুৰি পাফঃ নগৰলৈকে গ'ল, তাতে বাৰ-যীচু নামেৰে যি এজন ইহুদী মানুহ মায়াবী আৰু ভাঁৰি-কোৱা ভাববাদী আছিল, তেওঁক দেখা পালে৷

7তেওঁ বুদ্ধিমান চৰ্জ্জিয় পৌল নামে দ্বীপৰ অধিপতিৰ লগত আছিল৷ সেই অধিপতিয়ে চৌল আৰু বাৰ্নব্বাক মাতি পঠিয়াই ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰিছিল ৷

8কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷

9তাতে চৌল, যিজনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপুৰ্ণ হৈ, তেওঁলৈ স্হিৰ দৃষ্টিৰে চালে

10আৰু কলে, "হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপুৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ন্যায়ৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে?

11আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷" তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ'ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷

12এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷

13ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ'ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷

14পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নামঘৰত সোমাই বহিল৷

15তাতে বিধান আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ গৰাকীসকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, "হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেন্তে সেই বিষয়ে কোৱা৷"

16তেতিয়া পৌলে উঠি, হাতেৰে ইংগিত দি কলে, "হে ইস্ৰায়েলীয়া মানুহবোৰ আৰু হে ঈশ্বৰ ভয়কাৰী লোকসকল, শুনক৷

17এই ইস্ৰায়েলীয় সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷

18আৰু দুকুৰিমান বছৰলৈকে মৰুপ্ৰান্তত তেওঁলোকক পিতৃৰ নিচিনাকৈ প্ৰতিপালন কৰিলে৷

19পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷

20এইদৰে প্ৰায় চাৰি শ পঞ্চাশ বছৰ পাৰ হৈ গ'ল৷ তাৰ পাছত, চমূৱেল ভাববাদীৰ সময়লৈকে বিচাৰকৰ্ত্তা সকলক নিযুক্ত কৰিলে৷

21পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীনৰ ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷

22ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, 'মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালো; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷'

23এইজন মানুহৰ বংশৰ পৰা ঈশ্বৰে অঙ্গীকাৰ কৰাৰ দৰে এজন ত্ৰাণকৰ্ত্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷

24যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷

25যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, 'আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেইজন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যিজনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷'

26হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তানসকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্ৰাণৰ বাক্য পঠোৱা হৈছে৷

27কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্ত্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰাম-বাৰত পঢ়া ভাববাদীসকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷

28আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,

29আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷

30কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে

31আৰু গালীলৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷

32গতিকে আমাৰ পূৰ্ব্ব-পুৰুষ সকলৰ আগত কৰা অঙ্গীকাৰৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্ত্তা জনাইছো:

33ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলি, সেই অঙ্গীকাৰ আমাৰ সন্তানসকললৈ সিদ্ধ কৰিলে৷ এই বিষয়ে গীতমালাৰ দুই নম্বৰ গীতত লিখা আছে, বোলে, 'তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলো৷’

34ঈশ্বৰে যীচুক যে মৃতবোৰৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে৷ এই বিষয়ে ঈশ্বৰে কৈছিলঃ 'দায়ুদৰ ওচৰত যি যি পবিত্ৰ আৰু সত্য প্ৰতিশ্ৰুতি দিছিলো, সেই সকলো মই তোমালোকক দিম৷'

35এইদৰে আন গীতত তেওঁ কৈছে, 'তুমি তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷"

36কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে কৰ্ম কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ'ল, আৰু তেওঁৰ পিতৃ-পুৰুষসকলৰ লগত মৈদামত থোৱা হোৱাত ক্ষয় পালে,

37কিন্তু যি জনক ঈশ্বৰে তুলিলে, সেই জনে ক্ষয় নাপালে৷

38এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ-মোচনৰ বিষয় প্ৰচাৰ কৰা হৈছে৷

39আৰু মোচিৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে মুক্ত হব পৰা নাই; সেই আটাই দোষৰ পৰা সকলোৱে যীচুত বিশ্বাস কৰাৰ দ্বাৰা মুক্ত হয়, ইয়াক আপোনালোকে জানি লওঁক৷

40এতেকে সাৱধান হওঁক, যাতে কোনো ভাৱবাদী সকলৰ পু্স্তকত লিখা এই বাক্য মতে আপোনালোকলৈ যেন নঘটে, ভাববাদীসকলে কৈছে -

41'হে হেয়জ্ঞানকাৰী সকল, তোমালোকে চোৱা, বিস্ময় মানা, আৰু অন্তৰ্হিত হোৱা; এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক কলেও, তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা৷'"

42পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোঁতে, মানুহবোৰে নিবেদন কৰি কলে, "অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওঁক৷”

43তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী-ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷

44তাৰ পাছৰ বিশ্ৰাম-বাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷

45কিন্তু ইহুদী সকলে লোকসমূহক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷

46তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, "প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওঁক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷

47কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, 'তোমাক মই পৰজাতি লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা৷"

48অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷

49এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ'ল৷

50কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে.

51তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ'ল৷

52আৰু শিষ্যসকল আনন্দেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল৷


  Share Facebook  |  Share Twitter

 <<  Acts 13 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran