Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  The Song of Songs 7 >> 

1হে ৰাজকন্যা, জোতাত তোমাৰ ভৰি কেনে শোভা পাইছে | ধনুৰ আকৃতিৰ তোমাৰ কৰঙন দুটি নিপুণ শিল্পকাৰে কৰা দুটি অলঙ্কাৰৰ নিচিনা |

2তোমাৰ নাভিদেশ, মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নোহোৱা ঘূৰণীয়া বাটিৰ নিচিনা | তোমাৰ উদৰ, কনাৰি ফুলেৰে শোভিত কৰা ঘেঁহু ধানৰ দ’মৰ নিচিনা |

3তোমাৰ স্তন দুটি মৃগীৰ একে-লগে জগা পোৱালি দুটিৰ নিচিনা |

4তোমাৰ ডিঙি, হাতী-দাঁতৰ স্তম্ভস্বৰুপ ওখ ঘৰৰ নিচিনা; তোমাৰ নয়ন দুটি, হিচবোনৰ বৎ–ৰব্বীম বৰ দুৱাৰৰ ওচৰত থকা দুটি পুখুৰীৰ নিচিনা; তোমাৰ নাক, দম্মেচকলৈ মুখ কৰি থকা লিবানোনৰ স্তম্ভস্বৰুপ ওখ ঘৰটোৰ নিচিনা |

5তোমাৰ ওপৰত থকা তোমাৰ মুৰটো কৰ্মিলৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলি কোঁচা বেঙেনা বৰণীয়া সূতাৰ নিচিনা; তোমাৰ কেশ-পাশতে ৰজা বন্ধ আছে |

6হে প্ৰেম, সন্তোষদায়ক কথাত তুমি কেনে সুন্দৰ আৰু মনোহৰ |

7তোমাৰ এই দীৰ্ঘতা খাজুৰ গছৰ দীৰ্ঘতাৰ নিচিনা, আৰু তোমাৰ স্তন দুটি দুথোপা দ্ৰাক্ষা গুটিৰ নিচিনা|

8মই কৈছোঁ, মই খাজুৰ জুপিত উঠিম, আৰু তাৰ বৌখাত ধৰিম; তোমাৰ স্তন দুটি দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওক, আৰু তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ ঘ্ৰাণৰ নিচিনা হওক;

9তোমাৰ মুখ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওক |

10মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ;

11হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু গাৱঁত থাকোঁগৈ |

12ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিম ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ প্ৰেম দান কৰিম |

13দূদাফলে নিজ সুঘ্ৰাণ প্ৰদান কৰিছে; হে মোৰ প্ৰিয়, মই তোমাৰ নিমিত্তে সাঁচি থোৱা নতুন আৰু পুৰণি সকলো বিধৰ উত্তম উত্তম ফল আমাৰ দুৱাৰবোৰৰ ওপৰত আছে |


  Share Facebook  |  Share Twitter

 <<  The Song of Songs 7 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran