Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Exodus 5 >> 

1এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।”

2ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”

3তাৰ পাছত মোচি আৰু হাৰোণে ক’লে, “ইব্ৰীয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাত কৰিলে। আহক আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট যাওঁহক; যাতে তেওঁ আমাক প্লেগ মহামাৰী বা তৰোৱালেৰে আক্ৰমণ নকৰে।”

4কিন্তু মিচৰৰ ৰজাই তেওঁলোকক ক’লে, “মোচি আৰু হাৰোণ, আপোনালোকে কিয় লোক সকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছে?” এই বুলি লোকসকলক তেওঁ ক’লে, “আপোনালোক কামলৈ ঘূৰি যাওক।”

5ফৰৌণে পুনৰ ক’লে, “বৰ্তমান আমাৰ দেশত অনেক ইস্ৰায়েলী লোক আছে, আৰু আপোনালোকে তেওঁলোকৰ কাম বন্ধ কৰাইছে।”

6সেই দিনাই ফৰৌণে লোক সকলৰ কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলক এই আজ্ঞা দি ক’লে,

7“আগেয়ে দিয়াৰ দৰে তেওঁলোকক ইটা বনাবলৈ আপোনালোকে নৰা আনি নিদিব। তেওঁলোকে নিজেই গৈ নৰা বিচাৰি লওক।

8তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়ক। তাৰ অলপো কম গ্ৰহণ নকৰিব; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।

9তেওঁলোকৰ ওপৰত কামৰ ভাৰ অধিক গধূৰ কৰি দিয়া হওক; যাতে তেওঁলোকে কামৰ মাজত ব্যস্ত থাকি বিভ্রান্তিকৰ কথাত মন নিদিয়ে।

10তাৰ পাছত, কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক’লে, “ফৰৌণে এইদৰে কৈছে, ‘মই আপোনালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ।

11আপোনালোকে নিজে যাওক আৰু য’ত বিচাৰি পায়, তাৰ পৰা নৰা বিচাৰি আনিব; কিন্তু আপোনালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’”

12তেতিয়া লোক সকলে নৰা বিচাৰি জমা কৰিবলৈ মিচৰ দেশৰ চাৰিওফালে সিঁচৰিত হৈ গ’ল।

13তথাপি কঠোৰ তত্বাৱধায়ক সকলে তেওঁলোকক তাড়না কৰিলে, আৰু ক’লে, “আপোনালোকক নৰা দিওঁতে, আপোনালোকে যেনেকৈ কাম কৰিছিল, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰক।”

14তাৰ পাছত ফৰৌণৰ কঠোৰ তত্বাৱধায়ক সকলে শ্রমিক সকলৰ ওপৰত নিযুক্ত কৰা ইস্ৰায়েলী মুখিয়াল সকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়ক সকলে তেওঁলোকক সুধিলে, “আপোনালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে, কালি নাইবা আজি আপোনালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই?”

15সেয়ে কাৰখানাত কাম কৰা ইস্রায়েলী কৰ্মচাৰী সকলে ফৰৌণৰ ওচৰলৈ আহিল; আৰু তেওঁক কাকুতি কৰি ক’লে, “আপোনাৰ দাস সকলৰ লগত কিয় আপুনি এনে ব্যৱহাৰ কৰিছে?

16আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা!’ এনেকি আমিও আপোনাৰ দাস তেওঁলোকৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভূল।”

17কিন্তু ফৰৌণে ক’লে, “আপোনালোক এলেহুৱা! আপোনালোক সকলোৱে এলেহুৱা! আপোনালোকে কৈছে, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’

18সেয়ে এতিয়া কাম কৰিবলৈ ঘূৰি যাওক। আপোনালোকক পুনৰ নৰা দিয়া নহব, কিন্তু আপোনালোকে আগৰ পৰিমাণৰ সমানেই ইটা তৈয়াৰ কৰিব লাগিব।”

19“আপোনালোক প্ৰতিদিনে বনাব লগা ইটাৰ সংখ্যা অলপো কম কৰা নহব।” এই কথা কোৱাৰ পাছত, ইস্রায়েলী মুখিয়াল সকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে।

20তেওঁলোকে ফৰৌণৰ আগৰ পৰা ওলাই আহোঁতে ৰাজপ্রসাদৰ বাহিৰত ঠিয় হৈ থকা মোচি আৰু হাৰোণক লগ পালে।

21তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”

22তেতিয়া মোচিয়ে যিহোৱাৰ ওচৰত প্রাৰ্থনা কৰি ক’লে, “হে প্ৰভু, আপুনি এই লোক সকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে?

23মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰৌণৰ আগত কথা ক’বলৈ উপস্থিত হলোঁ, তেতিয়াৰে পৰা তেওঁ এই লোক সকলৰ যন্ত্রণা দিছে; আৰু আপুনি নিজৰ লোক সকলক সমূলি উদ্ধাৰ কৰা নাই।”


  Share Facebook  |  Share Twitter

 <<  Exodus 5 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran