Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Exodus 32 >> 

1পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰো। কিয়নো যি জনে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”

2তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।”

3সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে।

4হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”

5হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।

6লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।

7তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।

8তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”

9যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক।

10সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”

11কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।

12মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।

13আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”

14তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।

15তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।

16সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনিও ঈশ্বৰে নিজে লিখা আছিল।

17যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”

18কিন্তু মোচিয়ে তেওঁক ক’লে, “এয়ে জয় ধ্বনিৰ শব্দ নহয়; আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়, কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ।”

19মোচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল, তেতিয়া তেওঁ সেই দামুৰিটোক দেখিলে, আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ ক্রোধম্বিত হ’ল। তেওঁৰ হাতৰ পৰা সেই ফলি দুখন পৰি গ’ল; আৰু পৰ্ব্বতৰ তলত পৰি ভাঙি গ’ল।

20লোকসকলে নিৰ্মাণ কৰা দামুৰিটো লৈ জুইত পুৰি দিলে। পুৰা দামুৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইস্ৰায়েলী লোকসকলক পান কৰালে।

21তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”

22হাৰোণে ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওঁক; আপুনি এই লোকসকলক জানে, যে তেওঁলোক দুষ্ট কাৰ্যত কিমান আসক্ত।

23তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।

24সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ উলাই আহিল।”

25মোচিয়ে দেখিলে যে, হাৰোণৰ লোকসকলৰ ওপৰত নিয়ন্ত্রণ হেৰাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি, তেওঁলোক শত্রুবোৰৰ আগত হাঁহিয়াতৰ পাত্র হৈছে।

26তেতিয়া মোচিয়ে তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ ক’লে, “যিজন যিহোৱাৰ ফলীয়া, তেওঁ মোৰ ওচৰলৈ আহক।” লেবীৰ সকলো লোক তেওঁৰ চাৰিওকাষে গোট খালে।

27তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।”

28তেতয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।

29মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱা তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”

30তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহা পাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰো তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”

31মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহা পাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।

32তথাপি এতিয়া অনুগ্রহ কৰি তেওঁলোকক ক্ষমা কৰক; কিন্তু যদি আপুনি ক্ষমা নকৰে, তেনেহ’লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক।”

33যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।

34এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।

35তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত প্লেগ মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।


  Share Facebook  |  Share Twitter

 <<  Exodus 32 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran