Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Exodus 13 >> 

1যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,

2“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰে হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”

3মোচিয়ে লোকসকলক ক’লে, “আপোনালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিব; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।

4আবীব মাহৰ এই দিনাই আপোনালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিল।

5কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবূচীয়া লোকসকলৰ যি দেশ আপোনালোকক দিবলৈ, যিহোৱাই আপোলোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ আপোনালোকক সুমুৱাব, তেতিয়া আপোনালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিব।

6সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিব; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।

7সেই সাত দিন নিশ্চয়কৈ খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব; আপোনালোকৰ মাজত খমীৰ দিয়া কোনো পিঠা যাতে দেখা পোৱা নাযাওক। এনেকি আপোনালোকৰ চাৰিও সীমাৰ ভিতৰতো খমীৰ দেখা পোৱা নাযাওক।

8সেই দিনা আপোনালোকে আপোনালোকৰ সন্তানসকলক ক’ব, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’

9এয়ে উদ্ধাৰক সোঁৱৰণ বাবে আপোনালোকৰ হাতত আৰু আপোনালোকৰ কপালত থাকক।যিহোৱাৰ ব্যৱস্থা আপোনালোকৰ কথাত থাকক, কিয়নো আপোনালোকৰ হাতত, আৰু আপোনালোকৰ কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা আপোনালোকক বাহিৰ কৰি আনিলে।

10এই হেতুকে আপোনালোকে প্রত্যেক বছৰে এই সময়ত, এই বিধি পালন কৰিব।

11যিহোৱাই আপোনাক আৰু আপোনাৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তেওঁ আপোনাক কনানীয়া সকলৰ দেশত আনি সুমুৱাব,

12তেতিয়া আপোনালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু আপোনালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিব। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।

13প্রত্যেক প্রথমে জন্মা গাধক এটা ভেড়া পোৱালি দি মুক্ত কৰিব। যদি মুক্ত নকৰে, তেন্তে তাৰ ডিঙি ভাঙিব; কিন্তু আপোনালোকৰ পুত্রসকলৰ মাজত প্রথমে জন্মা পুত্ৰক আপোনালোকে নিশ্চয় কিনি মুক্ত কৰিব লাগিব।

14পাছত আপোনালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া আপুনি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।

15যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশুক যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’

16এয়ে আপোনালোকৰ হাতত, আৰু আপোনালোকৰ কপালত সোৱঁৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”

17ফৌৰণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া ফিলিষ্টীয়া সকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”

18সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।

19মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।”

20ইস্রায়েলী লোকসকলে চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুপ্রান্তৰ দাঁতিত থকা এথমত তম্বু তৰিলে।

21তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি তেওঁলোকক পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।

22যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নি-স্তম্ভ আঁতৰ নকৰিলে।


  Share Facebook  |  Share Twitter

 <<  Exodus 13 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran