Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Genesis 8 >> 

1পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।

2ভূগর্ভস্থৰ জলৰ ভুমুকবোৰ আৰু আকাশৰ খিৰিকীবোৰ বন্ধ হৈ গ’ল; আকাশৰ পৰা বৰষুণ পৰিবলৈ এৰিলে।

3পৃথিবীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু এশ পঞ্চাশ দিনৰ মূৰত পানী অনেক কমিল।

4সপ্তম মাহৰ সোতৰ দিনৰ দিনা জাহাজখন অৰাৰট পৰ্ব্বতশ্রেণীৰ ওপৰত গৈ লাগি ৰ’ল।

5তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল।

6তাৰ পাছত চল্লিশ দিন পাৰ হোৱাত নোহে নিজে সজা জাহাজৰ খিৰিকীখন মেলিলে।

7তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল।

8তাৰপাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে।

9কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে।

10তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুণৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে।

11সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জলফাই গছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে।

12নোহে আৰু সাত দিন অপেক্ষা কৰি পুণৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুণৰ উভটি নাহিল।

13নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে।

14দ্বিতীয় মাহৰ সাতাইশ দিনৰ ভিতৰত পৃথিবী একেবাৰে শুকাই গ’ল।

15তেতিয়া ঈশ্বৰে নোহক ক’লে,

16“তুমি তোমাৰ ভাৰ্য্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা।

17তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”

18তেতিয়া নোহে তেওঁৰ ভাৰ্য্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল।

19পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল।

20তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।

21যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলো, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।

22যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”


  Share Facebook  |  Share Twitter

 <<  Genesis 8 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran