Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 6 >> 

1ব’লা আমি যিহোৱালৈ ঘূৰি যাওঁ ; কাৰণ তেওঁ বিদাৰিলে, আৰু তেওঁ আমাক সুস্থও কৰিব ; তেওঁ প্ৰহাৰিলে আৰু তেওঁ আমাৰ ঘা বান্ধিব ।

2দুদিনৰ পাছত তেওঁ আমাক পুনৰায় জীয়াব, তৃতীয় দিনা তেওঁ আমাক তুলিব ; তাতে আমি তেওঁৰ সাক্ষাতে জীয়াই থাকিম ।

3আহাঁ আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ তেওঁৰ অনুগামি হওহঁক ; তেওঁৰ উদয় অৰুণোদয়ৰ নিচিনা নিশ্চিত ; তেওঁ আমাৰ ওচৰলৈ বৃষ্টিৰ নিচিনাকৈ, ভূমি ভিজাওঁতা শেষতীয়া বৰষুণৰ নিচিনাকৈ আহিব ।

4হে ইফ্ৰয়িম, মই তোমাক কি কৰিম ? হে যিহূদা, তোমাক বা কি কৰিম ? কিয়নো তোমালোকৰ প্ৰেম ৰাতিপুৱাৰ মেঘৰ নিচিনা, আৰু সোনকালে নাইকিয়া হোৱা নিয়ৰৰ নিচিনা ।

5এই কাৰণে মই ভাববাদীৰ দ্বাৰাই তেওঁবিলাকক কাঠ চঁচাদি চঁচালো, মোৰ মুখৰ বাক্যেৰে তেওঁবিলাকক বধ কৰিলোঁ, আৰু তোমালৈ কৰা দণ্ডাজ্ঞাবোৰ চকমকীয়া বিজুলীৰ নিচিনা হব ।

6কিয়নো মই বলিদান বাঞ্ছা নকৰোঁ, দয়াহে বাঞ্ছা কৰোঁ আৰু হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিক বাঞ্ছা কৰোঁ ।

7কিন্তু আদমৰ নিচিনাকৈ তেওঁবিলাকে নিয়মটি ভগ্ন কৰিলে ; সৌ তাত তেওঁবিলাকে মোৰ বিৰুদ্ধে বিশ্বাস-ঘাতকতা কৰিলে ।

8গিলিয়দ অধৰ্ম্মচাৰীবোৰৰ নগৰ ; তাত তেজৰ দাগ আছে ।

9মানুহলৈ খাপ দি থকা ডকাইতৰ দলৰ নিচিনাকৈ, পুৰোহিতদলে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি, তেওঁবিলাকে অতি কুচ্ছিত কাৰ্য্য কৰে ।

10মই ইস্ৰায়েলৰ মাজত নোম শিয়ৰি যোৱা কাৰ্য্য দেখিলোঁ ; সৌ তাত ইফ্ৰয়িমত বেশ্যাকৰ্ম্ম চলিছে, ইস্ৰায়েল অশুচি হল ।

11আৰু হে যিহূদা, মই মোৰ প্ৰজাবিলাকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰা সময়ত তোমাৰ নিমিত্তেও শস্য দোৱা সময় নিৰূপিত হৈছে ।


  Share Facebook  |  Share Twitter

 <<  Hosea 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran