Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 4 >> 

1হে ইস্ৰায়েলৰ সন্তানবিলাক, যিহোৱাৰ বাক্য শুনা ; কিয়নো দেশত সত্য, দয়া, কি ঈশ্বৰবিষয়ক জ্ঞান নথকাৰ কাৰণে দেশনিবাসীবিলাকৰ ওপৰত যিহোৱাৰ গুচৰ আছে ।

2কেৱল শপত, মিছা কথা, নৰ-বধ, চুৰ, অৰু ব্যভিচাৰ চলিছে ; তেওঁবিলাক অত্যাচাৰী হৈ উঠিছে, আৰু ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে ।

3এই নিমিত্তে দেশ শোকাকুল হব, আৰু পৃথিবীৰ পশু, ও আকাশৰ চৰায়ে সৈতে তাত থকা আটাইবোৰ ম্লান, এনে কি সমুদ্ৰৰ মাছবোৰো বিনষ্ট হব ।

4তথাপি কোনো মানুহে বিবাদ নকৰক, আৰু কোনেও ধমকি নিদিয়ক ; কিয়নো তোমাৰ লোকবিলাক পুৰোহিতৰ লগত বিবাদ কৰোঁতা মানুহবিলাকৰ নিচিনা হৈছে ।

5তুমি দিনত উজুটি খাবা, আৰু ৰাতি তোমাৰে সৈতে ভাববাদীয়েও উজুটি খাব ; মই তোমাৰ মাৰাক বিনষ্ট কৰিম ।

6জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক নষ্ট হল । হে পুৰোহিত, তুমি জ্ঞান অগ্ৰাহ্য কৰিলা, এই হেতুকে মইও তোমাক অগ্ৰাহ্য কৰিম, তাতে তুমি মোৰ পুৰোহিত আৰু নহবা ; তুমি তোমাৰ ঈশ্বৰৰ ব্যৱস্থা পাহৰিলা, এই কাৰণে মইও তোমাৰ সন্তানবিলাকক পাহৰিম ।

7তেওঁবিলাক যিমানে বৃদ্ধি পালে, সিমানে তেওঁবিলাকে মোৰ বিৰুদ্ধে পাপ কৰিলে ; মই তেওঁবিলাকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম ।

8মোৰ প্ৰজাবিলাকৰ পাপেই তেওঁবিলাকৰ আহাৰ, আৰু প্ৰজাবিলাকৰ অপৰাধলৈ তেওঁবিলাকে লালচ কৰে ।

9এই হেতুকে প্ৰজা আৰু পুৰোহিত দুয়োৰো একে গতি হব; আৰু মই তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰৰ নিমিত্তে তেওঁবিলাকক দণ্ড দিম, আৰু তেওঁবিলাকৰ কাৰ্য্যৰ প্ৰতিফল তেওঁবিলাকক দিম ।

10তেওঁবিলাকে ভোজন কৰিও তৃপ্তি নহব, বেশ্যাকৰ্ম্ম কৰিও বৃদ্ধি নাপাব ; কিয়নো তেওঁবিলাকে যিহোৱালৈ মন দিবলৈ এৰিলে ।

11বেশ্যালি, দ্ৰাহ্মাৰস, আৰু নতুন দ্ৰাহ্মাৰসে বুদ্ধিহীন কৰে ।

12মোৰ প্ৰজাবিলাকে তেওঁবিলাকৰ কাঠ-ডোখৰৰ আগত কথা সোধে, আৰু তেওঁবিলাকৰ লাখুটিডালে তেওঁবিলাকক কথা জনায় ; কিয়নো বেশ্যাকৰ্ম্ম কৰাওঁতা আত্মাই তেওঁবিলাকক ভ্ৰান্ত কৰিলে, আৰু তেওঁবিলাকে বেশ্যাকৰ্ম্ম কৰি তেওঁবিলাকৰ ঈশ্বৰৰ অধীনতাৰ পৰা আঁতৰ হল ।

13তেওঁবিলাকে পৰ্ব্বতবোৰৰ টিঙৰ ওপৰত যজ্ঞ কৰে, আৰু উপপৰ্ব্বতবোৰৰ ওপৰত ভাল ছাঁৰ কাৰণে অলোন, লিবনি, আৰু এলা গছৰ তলত ধূপ জ্বলায় ; এই নিমিত্তে তোমালোকৰ জীয়ৰীবোৰে বেশ্যাকৰ্ম্ম কৰে, আৰু তোমালোকৰ বোৱাৰীবোৰে

14তোমালোকৰ জীয়ৰীবোৰে বেশ্যাকৰ্ম্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই সিহঁতক দণ্ড নিদিম ; কিয়নো সিহঁতে নিজেই বেশ্যাৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱীদাসী বেশ্যাবোৰে সৈতে যজ্ঞ কৰে ; আৰু এই নিৰ্ব্বোধ জাতিৰ সংহাৰ হব ।

15হে ইস্ৰায়েল, তুমি যদিও বেশ্যাকৰ্ম্ম কৰা, তথাপি যিহূদা সেই দোষত দোষী নহওক, আৰু তোমালোকে গিলগলত ভৰি নিদিবা, বৈৎ-আবনলৈ নুঠিবা, আৰু “জীৱন্ত যিহোৱাৰ শপত” বুলি শপত নাখাবা ।

16কিয়নো মগৰা গাইৰ নিচিনাকৈ ইস্ৰায়েলে মগৰামী কৰিলে ; এখন বহল পথাৰত মেৰ পোৱালি এটিক চৰোৱাদি যিহোৱাই তেওঁবিলাকক চৰাব ।

17ইফ্ৰয়িম মূৰ্ত্তিবোৰত আসক্ত ; তাক থাকিব দিয়া ।

18তেওঁবিলাকৰ মদ খোৱাৰ ধুমধাম শেষ হলে, তেওঁবিলাকে অনবৰত বেশ্যাকৰ্ম্ম কৰে ; তেওঁবিলাকৰ ঢালস্বৰূপ অধিপতিবিলাকে অপমানজনক কাৰ্য্য কৰিবলৈ অতিশয়ৰূপে ভাল পায় ।

19বায়ুৱে নিজৰ দুখন ডেউকাৰে সেই জাতিক সাবটি ধৰি লৈ যাব ; তাতে তেওঁবিলাকে তেওঁবিলাকৰ যজ্ঞৰ কাৰণে লাজ পাব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 4 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran