Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 2 >> 

1তোমালোকে নিজ ভাইবিলাকক অম্মী [ মোৰ প্ৰজা ], আৰু নিজ ভনীবিলাকক ৰুহামা [ অনুগ্ৰহ পোৱা ] বুলি কোৱা ।

2তোমালোকে বিবাদ কৰা, তোমালোকৰ মাৰাৰ লগতেই বিবাদ কৰা ; কিয়নো তাই মোৰ তিৰোতা নহয়, আৰু মইও তাইৰ স্বামী নহওঁ । তাই নিজৰ মুখৰ পৰা নিজ বেশ্যালি, আৰু নিজৰ স্তনৰ মাজৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক ;

3নহলে, মই তাইক বিবস্ত্ৰা কৰি তাইৰ জন্মদিনৰ অৱস্থাত পেলাম, আৰু তাইক মৰুভূমি আৰু খৰাং মাটিৰ নিচিনা কৰি পিয়াহতে মাৰিম ।

4মই তাইৰ সন্তানবিলাকক দয়া নকৰিম ;কাৰণ তেওঁবিলাক বেশ্যাস্বভাৱৰ সন্তান ।

5কিয়নো তেওঁবিলাকৰ মাকে বেশ্যাকৰ্ম্ম কৰিলে, তেওঁবিলাকৰ গৰ্ভধাৰিণীয়ে লাজ লগা কাৰ্য্য কৰিলে, কাৰণ তাই কৈছিল, মোক মোৰ অন্ন আৰু জল, মোৰ নোম আৰু শণ সূতা, মোৰ তেল আৰু পেয়দ্ৰব্য দিয়া মোৰ প্ৰেমকাৰীবিলাকৰ পাছত মই যাম ।

6এই হেতুকে চোৱা, মই কাঁইটেৰে তোমাৰ বাট বন্ধ কৰিম ; আৰু তাই নিজৰ পথ পাব নোৱাৰাকৈ মই তাইৰ অহিতে এখন জেওৰা দিম ।

7তাই নিজৰ প্ৰেমকাৰীবোৰৰ পাছে পাছে যাব, কিন্ত্তু সিহঁতৰ লগ ধৰিব নোৱাৰিব ; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব । তেতিয়া তাই ক`ব, মই ঘূৰি মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে যাওঁ ; কিয়নো এতিয়াতকৈ তেতিয়া মোৰ অধিক মঙ্গল আছিল ।

8কিয়নো ময়েই যে তাইক সেই শস্য, দ্ৰাহ্মাৰস, আৰু তেল দিছিলোঁ, আৰু তাইৰ যি ৰূপ আৰু সোণ বালৰ নিমিত্তে খৰচ কৰা হৈছিল, তাক ময়েই যে বৃদ্ধি কৰিছিলোঁ, তাকতাই নুবুজিলে ।

9এই হেতুকে মই শস্যৰ সময়ত মোৰ শস্য, আৰু দ্ৰাহ্মাৰসৰ বতৰত মোৰ দ্ৰাহ্মাৰস, আৰু তাই নিজৰ উলঙ্গটা ঢাকিব লগা মোৰ নোম আৰু শণ সূতা কাঢ়ি লম ।

10আৰু এতিয়া মই তাইৰ প্ৰেমকাৰীবোৰৰ আগত তাইৰ লাজ প্ৰকাশ কৰিম ; কোনেও মোৰ হাতৰ পৰা তাইক ঊদ্ধাৰ কৰিব নোৱাৰিব ।

11মই তাইৰ আটাই আমোদ, ভোজ, ন-জোন, বিশ্ৰাম-দিন, আৰু তাইৰ আটাই নিৰূপিত উৎসৱ নাইকিয়া কৰিম ।

12আৰু তাই যি দ্ৰাহ্মালতা আৰু ডিমৰু গছৰ বিষয়ে কয়, বোলে, “এইবোৰ মোৰ প্ৰেমকাৰীবিলাকে মোক দিয়া বেচ,” মই সেই দ্ৰাহ্মালতা আৰু ডিমৰু গছ নষ্ট কৰিম ; আৰু মই সেইবোৰক অৰণ্য কৰিম, তাতে বনৰীয়া পশুবোৰ তাত চৰিব ।

13আৰু যি যি দিনত তাই বাল দেৱতাবোৰৰ উদ্দেশে ধূপ জ্বলাইছিল, আৰু নথ আদি অলঙ্কাৰেৰে নিজকে ভূষিত কৰি নিজৰ প্ৰেমকাৰীবোৰৰ পাছত গৈছিল, কিন্তু মোক হ`লে পাহৰিলে, বাল দেৱতাবোৰৰ সেই সেই দিনৰ প্ৰতিশোধ মই তাইৰ পৰা লম, ইয়াক যিহোৱাই কৈছে ।

14এই হেতুকে চোৱা, মই তাইৰ প্ৰবৃত্তি জন্মাই তাইক অৰণ্যলৈ আনি শান্ত্বনাদায়ক কথা কম ।

15আৰু সেই ঠাইৰ পৰা তাই অহামাত্ৰকে তাইৰ দ্ৰাহ্মাবাৰী আৰু আশাৰ দুৱাৰস্বৰূপে আখোৰ উপত্যকা মই তাইক দিম ; আৰু তাইৰ যৌৱন কালৰ নিচিনাকৈ আৰু তাই মিচৰ দেশৰ পৰা ওলাই অহা দিনৰ নিচিনাকৈ তাই তাত অনুগ্ৰহ-স্বীকাৰ কৰিব ।

16আৰু যিহোৱাই কৈছে, সেই দিনা তুমি মোক বালী [ মোৰ নাথ ] বুলি আৰু নামাতি, ঈচী [ মোৰ স্বামী ] বুলি মাতিবা ।

17কিয়নো মই তাইৰ মুখৰ পৰা বাল দেৱতাবোৰৰ নাম গুচাম ; সেইবোৰৰ নাম আৰু উল্লেখ কৰা নহ`ব ।

18আৰু সেই দিনা মই তেওঁবিলাকৰ নিমিত্তে বনৰীয়া জন্ত্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা জন্ত্তুবোৰে সৈতে এটি নিয়ম স্থাপন কৰিম ; আৰু মই ধনু, তৰোৱাল, আৰু ৰণৰ সঁজুলি ভাঙি দেশৰ মাজৰ পৰা গুচাম, আৰু তেওঁবিলাকক নিৰ্ভয়ে শয়ন কৰাম ।

19আৰু চিৰকাললৈকে মই তোমাক বাগ্দান কৰিম, এনে কি, ধৰ্ম্মত, ন্যায় বিচাৰত, দয়াত, আৰু অনুগ্ৰহত তোমাক বাগ্দান কৰিম ।

20মই বিশ্বস্ততাতেই তোমাক বাগ্দান কৰিম ; তাতে তুমি যিহোৱাক জানিবা ।

21আৰু যিহোৱাই কৈছে, সেই দিনা মই প্ৰাৰ্থনাৰ উত্তৰ দিম, মই আকাশ-মণ্ডলক উত্তৰ দিম ; আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব,

22পৃথিবীয়ে শস্য, দ্ৰাহ্মাৰস, আৰু তেলক উত্তৰ দিব, আৰু সেইবোৰে যিজ্ৰিয়েলক উত্তৰ দিব ।

23মোৰ নিজৰ নিমিত্তে মই যিজ্ৰিয়েলক দেশত ৰুম, দয়া নোপোৱা জনীক দয়া কৰিম, আৰু তুমি মোৰ প্ৰজা বুলি মোৰ প্ৰজা নোহোৱাবিলাকক কম ; আৰু, তুমি মোৰ ঈশ্বৰ বুলি তেওঁবিলাকে মোক কব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 2 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran