Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 1 >> 

1যিহূদা দেশৰ উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়া নামেৰে ৰজাবিলাকৰ ৰাজত্বৰ, আৰু চৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্বৰ কালত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য ।

2যিহোৱাই যেতিয়া হোচেয়াৰ দ্বাৰাই প্ৰথমে বাক্য প্ৰকাশ কৰিছিল, তেতিয়া তেওঁ হোচেয়াক ক`লে, তুমি গৈ নিজৰ নিমিত্তে এজনী বেশ্যাস্বভাৱৰ তিৰোতা গ্ৰহণ কৰা, আৰু তাইৰ পৰা বেশ্যাস্বভাৱৰ সন্তান উৎপন্ন কৰা ; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি বেশ্যা কৰ্ম কৰিছে ।

3তাতে তেওঁ গৈ দিব্লয়িমৰ জীয়েক গোমৰক গ্ৰহণ কৰিলে, আৰু তাই গৰ্ভৱতী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে ।

4তেতিয়া যিহোৱাই তেওঁক ক`লে, তুমি সেই লৰাৰ নাম যিজ্ৰিয়েল ৰাখা ; কিয়নো অলপ সময়ৰ পাছত মই যেহূৰ বংশক যিজ্ৰিয়েলত কৰা ৰক্তপাতৰ ফল ভোগ কৰাম, আৰু ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰিম ।

5আৰু সেই দিনা মই যিজ্ৰিয়েলৰ সমথলত ইস্ৰায়েলৰ ধনু ভাঙিম ।

6পাছে তাই পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে ; তাতে যিহোৱাই হোচেয়াক ক`লে, তুমি তাইৰ নাম লো-ৰুহামা [ অনুগ্ৰহ পোৱা নহয় ] ৰাখা ; কিয়নো মই যে ইস্ৰায়েল-বংশক হ্মমা কৰি থাকিম, এনে দয়া মই তেওঁবিলাকক আৰু নকৰিম ।

7কিন্তু যিহোদা বংশক হ`লে, মই দয়া কৰিম, আৰু তেওঁবিলাকক ধনু, তৰোৱাল, যুদ্ধ, ঘোঁৰা, বা অশ্বাৰোহীৰ দ্বাৰাই উদ্ধাৰ নকৰি, তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাইহে উদ্ধাৰ কৰিম ।

8পাছে তাই লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছতে গৰ্ভৱতী হৈ আৰু এটি পুত্ৰ প্ৰসৱ কৰিলে ।

9তেতিয়া যিহোৱাই ক`লে, তুমি তাৰ নাম লো-অম্মী [ মোৰ প্ৰজা নহয় ] ৰাখা ; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা, আৰু মইও তোমালোকৰ ঈশ্বৰ নহম ।

10তথাপি ইস্ৰায়েলৰ সন্তানবিলাকৰ সংখ্যা জুখিব আৰু গণিব নোৱাৰা সমুদ্ৰৰ বালিৰ নিচিনা হ`ব, আৰু তোমালোক মোৰ প্ৰজা নোহোৱা বুলি যি ঠাইত তেওঁবিলাকক কোৱা হৈছিল, সেই ঠাইত, তোমালোক জীৱন্ত ঈশ্বৰৰ সন্তান বুলি তেওঁবিলাকক কোৱা যাৱ ।

11সেই কালত যিহূদাৰ আৰু ইস্ৰায়েলৰ সন্তানবিলাকক একেলগে গোটোৱা হ`ব ; তেওঁবিলাকে নিজৰ নিমিত্তে এজন অধিপতি নিযুক্ত কৰিব ; কিয়নো যিজ্ৰিয়েলৰ দিন মহৎ হ`ব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 1 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran