Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Judges 20 >> 

1পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰচেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।

2লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল।

3ইস্ৰায়েলৰ সন্তানসকল মিস্পাত একত্রিত হোৱা কথা শুনি সকলোৱে তাত একত্রিত হ’ল। পাছত ইস্ৰায়েলৰ সন্তানসকলে সুধিলে, “কোৱাচোন এই দুষ্কৰ্ম্ম কেনেকৈ হ’ল?”

4সেই হত হোৱা মহিলাজনীৰ গিৰীয়েক লেবীয়া পুৰুষ জনে উত্তৰ দি ক’লে, “মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিন্যামীনৰ অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ।

5তাতেই গিবিয়াৰ পৰিয়াল সকলে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে; সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল।

6পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালো; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য্য কৰিলে।

7এতেকে হে ইস্ৰায়েলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা।”

8তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ;

9কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।

10আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।”

11এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।

12ইস্ৰায়েলৰ সকলো জনগোষ্ঠীয়ে বিন্যামীন জনগোষ্ঠীৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক’লে, “তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম্ম হৈ আছে।

13এই কাৰণে তোমালোকে এই গিবিয়া-নিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে,

14বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে।

15বিন্যামীন পৰিয়াল বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়া-নিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।

16ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।

17বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।

18পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”

19পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে।

20আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে;

21তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে।

22পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।

23ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”

24এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।

25বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলীয় সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।

26তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।

27ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল,

28আৰু সেই কালত হাৰোণৰ নাতিয়েক ইলীয়াজৰৰ পুত্ৰ পিনহচে তাৰ আগত পৰিচৰ্য্যা কৰি আছিল। তাতে তেওঁলোকে ক’লে “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যাম নে, বা ক্ষান্ত হম?” তাতে যিহোৱাই ক’লে, “আক্রমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক সোধাই দিম।”

29পাছত ইস্ৰায়েলেৰ সন্তানসকলে চাৰিওফালে গোপন ঠাইত গিবিয়াৰ বিৰুদ্ধে মানুহ লুকুৱাই ৰাখিলে।

30পাছত তৃতীয় দিনা ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনৰ সৈন্যসকলৰ বিৰুদ্ধে উঠি গৈ আগৰ দৰে গিবিয়াৰ বিৰুদ্ধে সৈন্যৰ বেহু পাতিলে।

31তেতিয়া বিন্যামীনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইস্রায়েলীসকলৰ বিৰুদ্ধে যুজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰলৈ লৈ যোৱা হ’ল। আৰু তেওঁলোকে আগৰ দৰে লোক সকলৰ মাজত প্ৰহাৰ কৰি বৈৎএললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইস্ৰায়েলৰ মাজৰ ত্ৰিশজন মান লোকক বধ কৰিলে।

32তেতিয়া বিন্যামীনৰ সন্তানসকলে ক’লে, “তেওঁলোক পৰাজিতহৈ যিমান সোনকালে পাৰে তাৰ পৰা পলাই গ’ল।” কিন্তু ইস্ৰায়েলৰ সৈন্যসকলে ক’লে, “আহাঁ আমি দৌৰি গৈ তেওঁলোকক নগৰৰ পৰা ধৰি ৰাজবাটলৈ লৈ আহোঁ।”

33এই কাৰণে ইস্ৰায়েলৰ সৈন্যসকলে নিজ নিজ ঠাইৰ পৰা ওলাই গৈ বালতামৰত সৈন্যৰ বেহু পাতিলে; আৰু ইয়াৰ ভিতৰতে ইস্ৰায়েলৰ লুকাই থকা সৈন্যসকলে গোপণ ঠাইৰ পৰা দৌৰি ওলাই আহি মাৰেই গেবিয়া আক্রমণ কৰিলে।

34তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইস্ৰায়েলৰ মাজত মনোনীত হোৱা দহ হাজাৰ লোকৰ ঘোৰ যুদ্ধ হ’ল; কিন্তু বিন্যামীনৰ লোকসকলে নাজানিলে যে, শেষত দুর্যোগ ঘটি তেওঁলোকৰ কি হ’ব।

35যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই সকল লোক তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল।

36এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলও বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল।

37পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্রত্যেককে সংহাৰ কৰিলে।

38সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব।

39এতেকে ইস্ৰায়েলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে, বিন্যামীনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় ত্ৰিশজন মানুহক বধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ আগত নিশ্চয়কৈ পৰাজিত হ’ব।”

40কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিন্যামীন জনগোষ্ঠীৰ লোকসকলে পাছলৈ চাই দেখিলে যে, গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে।

41তেতিয়া ইস্ৰায়েলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে, ইয়াকে দেখি বিন্যামীনৰ লোকসকল অতিশয় আতংকিত হ’ল, তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুর্যোগ নামি আহিছে।

42সেয়েহে তেওঁলোকে ইস্ৰায়েলৰ সৈন্যসকলৰ সন্মুখেৰে নগৈ অৰণ্যৰ বাটেদি যাবৰ বাবে পিঠি দি উভতি গ’ল; কিন্তু তেওঁলোকক যুদ্ধই পাছ নেৰিলে। তেওঁলোকক নগৰৰ পৰা ওলাই অহা ইস্রায়েলৰ সৈন্যসকলে বাটৰ মাজতে বধ কৰিলে।

43তেওঁলোকে বিন্যামীনীয়াহঁতক চাৰিওফালে বেৰি ধৰি নোহালৈ খেদি নিলে, তেওঁলোকক জিৰণি লবলৈ নিদি গিবিয়াৰ পূব ফালে থকা সূৰ্য্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে।

44তাতে বিন্যামীনীয়াহঁতৰ ওঠৰ হাজাৰ সাহসী ও শক্তিশালী সৈন্য নিহত হ’ল।

45পাছত অৱশিষ্ট লোকসকল অৰণ্যৰ ফালে ৰিম্মোনৰ শিললৈ পলাবলৈ ধৰাত, সিহঁতৰ অৱশিষ্ট লোকৰ মাজত আন পাঁচ হাজাৰ লোকক তেওঁলোকে ৰাজ আলিত বধ কৰিলে; আৰু সিহঁতৰ পাছে পাছে গিদোমলৈকে খেদি গৈ, সিহঁতৰ পুনৰ দুই হাজাৰ লোকক বধ কৰিলে।

46এই দৰে সেইদিনা বিন্যামীনীয়হঁতৰ মাজৰ সৰ্ব্বমুঠ তৰোৱাললৈ যুদ্ধ কৰা পঁচিশ হাজাৰ সৈন্য নিহত হ’ল, তেওঁলোক সকলোৱেই যুদ্ধত বীৰ পুৰুষ আছিল।

47কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল।

48ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ লোকসকলৰ ওচৰলৈ পুনৰায় ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে, সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাট কৰিলে; আৰু যিমান নগৰ পোৱা গ’ল, সেই সকলোকে জুই দি পুৰি ভষ্ম কৰিলে।


  Share Facebook  |  Share Twitter

 <<  Judges 20 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran