Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Galatians 1 >> 

1মই পৌল, এজন পাঁচনি। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হ’লো।

2মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ মণ্ডলীবোৰৰ সমীপলৈ।

3আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক;

4তেওঁ আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে, যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।

5সেই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।

6খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।

7আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।

8কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।

9আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”

10মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।

11ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়।

12কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।

13আপোনালোকেতো শুনিছে যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন-যাপন কৰিছিলোঁ; কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।

14ইহুদী ধর্ম চর্চ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ। পূর্বপুৰুষ সকলৰ পৰম্পৰাগত ৰীতি-নীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ।

15কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।

16মই যেন অনা-ইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ; সেয়ে, ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও কোনো মানুহৰ (মাংস আৰু তেজেৰে) সৈতে কোনো পৰামৰ্শ নকৰিলোঁ;

17এনে কি মোতকৈ আগেয়ে হোৱা পাঁচনি সকলক লগ পাবলৈ যিৰূচালেমলৈও নগ’লো; কিন্তু মই আৰব দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দম্মেচকলৈ উলটি আহিলোঁ।

18ইয়াৰ তিনি বছৰৰ পাছত, মই কৈফাৰে সৈতে চিনা পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থাকিলোঁ।

19তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।

20চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।

21তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো;

22তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাত-পৰিচয় হোৱা নাছিল

23কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল, “যি জনে পূৰ্বতে আমাক তাড়না কৰিছিল, যিবোৰ তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল, এতিয়া তেওঁ সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে।”

24আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।


  Share Facebook  |  Share Twitter

 <<  Galatians 1 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran