Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 12 >> 

1সেই কালত, তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোতা মহাৰক্ষক-দূত মিখায়েল উঠি থিয় হ’ব; আৰু কোনো জাতি উৎপন্ন নোহোৱা কালৰে পৰা সেই কাললৈকে যেনে সঙ্কট কেতিয়াও হোৱা নাই, এনে সঙ্কটৰ কাল হ’ব; আৰু সেই কালত পুস্তক খনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব।

2আৰু পৃথিৱীৰ ধূলিত হোৱা আটাই লোকে সাৰ পাব; কেতবিলাকে অনন্ত জীৱন, কেতবিলাকে অনন্ত লাজ, আৰু ঘিণৰ নিমিত্তে সাৰ পাব।

3যিবিলাক জ্ঞানী, তেওঁবিলাক আকাশৰ দ্বিপ্তিৰ নিচিনাকৈ আৰু যিবিলাকে অনেকক ধাৰ্ম্মিক কৰে তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব।

4কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰি ৰাখা আৰু এই পুস্তক মোহৰ মাৰা; অনেকে ইফালে সিফালে ল’ৰ ধৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব।

5তেতিয়া মই দানিয়েলে চাই আৰু দুজন পুৰুষ দেখিলোঁ; তেওঁবিলাকৰ মাজৰ এজন ইপাৰে আন এজন সিপাৰে নদীৰ পাৰত থিয় হৈ আছিল।

6আৰু নদীৰ পানীতকৈ ওখ ঠাইত থিয় হোৱা শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষ জনক তেওঁবিলাকৰ এজনে সুধিলে, এই আচৰিত কথাবোৰ সিদ্ধ হ’বলৈ কিমান সময় লাগিব?

7পাছে নদীৰ পানীতকৈ ওখ ঠাইত থিয় হোৱা শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙি, অনন্তকাললৈকে জীয়াই থাকোঁতা জনাৰ নামেৰে শপত খাই এই কতা কোৱা মই শুনিলোঁ, এক কাল, দুই কাল, আৰু আধা কাললৈকে হ’ব আৰু পবিত্ৰ জাতিৰ বাহুবল ভাঙি এটোৱাৰ পাছত এইবোৰ সিদ্ধ হ’ব।

8মই শুনিলোঁ হয়, কিন্তু বুজিব নোৱাৰিলোঁ; এই কাৰণে মই কলোঁ, হে মোৰ প্ৰভু এইবোৰৰ কথাৰ শেষফল কি?

9তাতে তেওঁ মোক ক’লে, হে দানিয়েল, তুমি যোৱা; কিয়নো শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ’ল।

10অনেকে নিজকে পবিত্ৰ, শুক্লা, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টবোৰে দুষ্কৰ্ম কৰিব, আৰু দুষ্টবোৰৰ মাজৰ কোনেও এইবোৰ নোবুজিব, কেৱল জ্ঞানীলোকবিলাকে বুজিব।

11আৰু নিত্য় বলিদান গুচুৱাৰে পৰা, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰাৰে পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব।

12যিজনে ধৈৰ্য্য ধৰি এক হাজাৰ তিনিশ পয়ত্ৰিশ দিনলৈকে থাকিব, তেওঁ ধন্য।

13কিন্তু তুমি শেষৰ অপেক্ষাৰে চলি থাকা; কিয়নো তুমি বিশ্ৰাম পাবা, আৰু কালৰ শেষত নিজ অধিপত্যত থিয় হ’বা।


  Share Facebook  |  Share Twitter

 <<  Daniel 12 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran