Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 11 >> 

1আৰু মাদীয়া দাৰিয়াবচৰ ৰাজত্বৰ প্ৰথম বছৰতে ময়েই তেওঁক সুস্থিৰ আৰু সবল কৰিবলৈ থিয় হৈছিলোঁ।

2সেয়ে যি হওক, এতিয়া মই তোমাক সত্য কথা জনাওঁ। চোৱা, পাৰস্য দেশত আৰু তিনি জন ৰজা উৎপন্ন হ’ব; পাছে চতুৰ্থ ৰজা সকলোতকৈ অধিক ধনৱান হ’ব, আৰু তেওঁ নিজ ধন-সম্পতিৰে শক্তিমান হ’লে সকলোকে যাবন ৰাজ্যৰ বিৰুদ্ধে উচটাব।

3পাছে এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ মহাশাসনেৰে শাসন কৰিব, আৰু নিজ ইচ্ছাৰে কাৰ্য্য কৰিব।

4তেওঁ উপন্ন হ’লে তেওঁৰ ৰাজ্য ভগ্ন হৈ আকাশৰ চাৰি বায়ুৰ দিশলৈ বিভক্ত হ’ব; কিন্তু তেওঁৰ ৰাজ্য তেওঁৰ বংশৰ নিমিত্তে নহ’ব; আৰু তেওঁ শাসন কৰা ৰাজ্য অনুসাৰে নহ’ব; কিয়নো তেওঁ ৰাজ্য উঘালি তেওঁবিলাকক নিদি আনবিলাকক দিয়া হ’ব।

5তাৰ পাছত দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ অধ্যক্ষবিলাকৰ মাজৰ এজনে তেওঁতকৈয়ো বলৱান হৈ এক ৰাজ্য স্থাপন কৰিব, তেওঁৰ ৰাজ্য মহাৰাজ্য হ’ব।

6আৰু কেইবছৰমানৰ পাছত তেওঁবিলাকে মিতিৰ পাতিব আৰু সন্ধিৰ নিয়ম স্থিৰ কৰিবৰ নিমিত্তে দক্ষিণ দেশৰ ৰজাৰ জীয়েক উত্তৰ দেশৰ ৰজাৰ ওচৰলৈ যাব। কিন্তু সেই কন্যাই নিজ বাহুবল ৰক্ষা নকৰিব, আৰু সেই দক্ষিণ দেশৰ ৰজা ও তেওঁৰ বাহুবল স্থায়ী নহ’ব; কিন্তু সেই কন্যাক, তেওঁক নিয়াবিলাকক, তেওঁক জন্ম দিয়া জনক, আৰু সেই সময়ত তেওঁক গ্ৰহণ কৰা জনক আপদত সমৰ্পণ কৰা হ’ব।

7তথাপি সেই কন্যাৰ শিপাৰ এটি গজালিৰ পৰা এজন লোক নিজ পদত উৎপন্ন হ’ব; তেওঁ সন্যসামন্ত লগত লৈ গৈ উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু সিহঁতৰ বিৰুদ্ধে কাৰ্য্য কৰি জয়ী হ’ব।

8আৰু সিহঁতৰ ঢলা প্ৰতিমাবোৰ, আৰু সিহঁতৰ ৰুপ ও সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে সিহঁতৰ দেৱতাবোৰকো তেওঁ মিচৰলৈ বন্দী কৰি নিব; পাছে কেইবছৰমান উওৰ দেশৰ ৰজাৰ পৰা তেওঁ ক্ষান্ত হৈ থাকিব।

9আৰু সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্ত নিজ দেশলৈ উলটি যাব।

10তেওঁৰ পুতেকবিলাকে যুদ্ধ কৰিব, অতি অধিক সৈন্যসমুহ গোটাব; সিহঁতে দেশত সোমাই প্লাবন কৰি দেশৰ মাজেদি যাব, তাৰ পাছত সিহঁতে উলটি তেওঁৰ দুৰ্গলৈকে যুদ্ধ কৰিব।

11তাতে দক্ষিণ দেশৰ ৰজাই অতিশয় ক্ৰুদ্ধ হৈ যুদ্ধ-যাত্ৰা কৰি উত্তৰ দেশৰ ৰজাৰ লগত যুদ্ধ কৰিব; আৰু তেওঁ অধিক সৈন্য সমুহ গোটাব, আৰু সেই সন্যসমুহক তেওঁৰ হাতত গতাই দিয়া হব।

12আৰু সেই অধিক সৈন্যসমুহৰ মন বাঢ়িব; তাতে তেওঁৰ সাহ বৃদ্ধি পাব, আৰু তেওঁ হাজাৰ হাজাৰ লোকক নিপাত কৰিব, কিন্তু পৰাক্ৰমী নহব।

13পাছে উওৰ দেশৰ ৰজা পুনৰায় আহিব; তেওঁ আগতকৈয়ো অধিক সৈন্যসমুহ গোটাই, কিছুকাল গলে, কেইবছৰমানৰ মুৰত মহাসৈন্যসমুহ আৰু অধিক বস্ত্ত লৈ আহিব।

14সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব; আৰু এই দৰ্শনৰ কথা সিদ্ধ হবৰ নিমিত্তে তোমাৰ স্বদাতীয়ৰ মাজৰ অত্যাচাৰীবোৰেও নিজকে ওখ কৰিব, কিন্ত পতিত হব।

15পাছে উত্তৰ দেশৰ ৰজাই আহি হাদাম বান্ধি এখন অতি দৃঢ় নগৰ হাত কৰি ল’ব; তাতে দক্ষিণ দেশৰ ফৌজবোৰ আৰু তেওঁৰ মনোনীত লোকবিলাকে তিষ্ঠিব নোৱাৰিব, তিষ্ঠিবলৈ তেওঁবিলাকৰ শক্তি নহ’ব।

16কিন্তু তেওঁৰ বিৰুদ্ধে অহা জনে নিজ ইচ্ছামতে কাৰ্য্য কৰিব, তেওঁৰ আগত কোনেও তিষ্ঠিব নোৱাৰিব; তেওঁৰ দেশ ৰত্নত ভৰি দিব, আৰু তেওঁৰ হাতত সংহাৰ থাকিব।

17তেওঁ সেই ৰজাৰ ৰাজ্যৰ সকলো দৃঢ় ঠাই লবলৈ মন কৰিব, তেওঁৰে সৈতে নিয়ম পাতিব, আৰু কৃতকাৰ্য হ’ব। আৰু ৰাজ্য নষ্ট কৰিবৰ মনেৰে তেওঁ এজনী কন্যা তেওঁক দিব।কিন্তু সেই নিয়ম নৰব, আৰু তেওঁৰ পক্ষে নহ’ব।

18পাছে তেওঁ দ্বীপবোৰৰ ফালে মুখ কৰি অনেক দ্বীপ হাত কৰি ল’ব, কিন্তু তেওঁ দিয়া অপমান তেওঁৰ নিজৰ মুৰতে পেলাব।

19তেতিয়া তেওঁ নিজ দেশৰ দুৰ্গবোৰলৈ মুখ কৰিব, কিন্তু বিঘিনি পাই পতিত হ’বতেওঁৰ উদ্দেশ্য আৰু পোৱা নায়াব।

20পাছে যিজনে ৰাজ্যৰ শোভাস্থানৰ মাজেদি কৰতোলা এজনক যাবলৈ দিব, এনে এজন লোকে তেওঁৰ পদ পাব; এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত আৰু যুদ্ধত নহয়।

21পাছে এজন নীহ মানুহে তেওঁৰ পদ পাব; লোকবিলাকে তেওঁক সন্মান কৰি ৰাজ্য নিদিব, কিন্তু তেওঁৰ নিৰাপদৰ কালত আহি খোচামতিৰে ৰাজ্য ল’ব।

22তেওঁৰ দ্বাৰাই প্লাৱন কাৰী সৈন্য সমূহ প্লাৱিত হ’ব, সিহঁত ভগ্ন হ’ব, আৰু নিয়মটিৰে বন্ধা অধিপতি জনো ভগ্ন হ’ব।

23তেওঁৰ লগত মিত্ৰতাৰ কথা থিৰ কৰাৰে পৰা তেওঁ ছল কৰিব; কিয়নো তেওঁ আহি অলপ সৈন্যৰেই জয়ী হ’ব।

24তেওঁ নিৰাপদৰ কালত প্ৰদেশৰ অতি ঐশ্বৰ্য্যশালী ঠাইবোৰত সোমাব, আৰু তেওঁৰ বাপেক ককাকে যি কৰা নাই, তাক কৰিব; তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তিৰ সিহঁতৰ মাজত বিলাই দিব, এনেকি, কিছুকাল দুৰ্গবোৰৰ বিৰুদ্ধেও কল্পনা কৰিব।

25আৰু তেওঁৰ মহা সৈন্যদল লগত লৈ দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে নিজৰ বল আৰু সাহ বঢ়াব; তাতে দক্ষিণ দেশৰ ৰজাই অতিশয় অধিক পৰাক্ৰমী সৈন্যসমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কিয়নো লোকিলাকে তেওঁৰ অহিতে নানা কল্পনা কৰিব।

26যিবিলাকে তেওঁৰ আহাৰ খায়, তেওঁবিলাকেই তেওঁক নষ্ট কৰিব, আৰু তেওঁৰ সৈন্যসমূহ অতি বেগেৰে পলাই যাব, আৰু অনেক লোক হত হৈ পতিত হ’ব।

27আৰু এই দুজন ৰজাৰ বিষয়ে হ’লে, তেওঁবিলাকৰ অপকীৰ কৰিব মন; কিন্তু সেয়ে সিদ্ধ নহ’ব কিয়নো নিৰুপিত সময়ত হে সেই কথা ফলিয়াব।

28তেওঁ অনেক ধন-সম্পত্তি লৈ নিজ দেশলৈ উলটি যাব, আৰু তেওঁ মন পবিত্ৰ নিয়মটিৰ অহিতে হ’ব, আৰু তেওঁ নিজ ইচ্ছামতে কাৰ্য্য কৰি নিজ দেশলৈ উলটিব।

29নিৰূপিত সময়ত তেওঁ পুনৰায় দক্ষিণ দেশত সোমাব; কিন্তু পূৰ্বকালত যেনে হৈছিল পাছৰ কালত তেনে নহব।

30কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; এই নিমিত্তে তেওঁ বেজাৰ পাই উলটি যাব, আৰু পবিত্ৰ নিয়মটিৰ বিৰুদ্ধে ক্ৰোধ কৰি ইচ্ছামতে কাৰ্য্য কৰিব; হয়, তেওঁ ঘূৰি আহি পবিত্ৰ নিয়মটি ত্যাগ কৰা লোকবিলাকে সৈতে মিল হ’ব।

31আৰু তেওঁ ওচৰৰ পৰা এদল সৈন্যই উঠি গৈ ধৰ্মধাম অৰ্থাৎ দুৰ্গ অশুচি কৰিব, আৰু নিত্য বলিদান গুচাই ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰিব।

32আৰু খোচামতিৰ বাক্যৰ দ্বাৰাই তেওঁ নিয়ম লঙ্ঘনকাৰীবোৰক ভ্ৰষ্ট কৰিব; কিন্তু যি প্ৰজাবিলাকে নিজ ঈশ্বৰক জানে, তেওঁবিলাক বলৱন্ত হৈ কৃতকাৰ্য্য হ’ব।

33আৰু মানুহবিলাকৰ মাজৰ জ্ঞানীবিলাকে অনেকক শিক্ষা দিব; তথাপি তেওঁবিলাকে কিছুসময়লৈ তৰোৱাল, অগ্নীশিখা, বন্দী-অৱস্থা আৰু লূটত পতিত হ’ব।

34পতিত হোৱাৰ সময়ত তেওঁবিলাকে অলপ সহায় পাব, কিন্তু অনেকে খোচামতি বাক্যৰে তেওঁবিলাকৰ লগ ল’ব।

35আৰু শেষৰ সময়লৈকে জ্ঞানীবিলাকক পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুক্লা কৰা হবৰ নিমিত্তে, তেওঁবিলাকৰ মাজৰো কোনো কোনো পতিত হ’ব; কিয়নো তেতিয়াও নিৰূপিত কাল উপস্থিত হ’বলৈ থাকিব।

36তাৰ পাছত ৰজাই নিজৰ ইচ্চামতে কাৰ্য্য কৰিব, আৰু আটাই দেৱতাবোৰতকৈ নিজকে বৰ জ্ঞানী বুলি অহঙ্কাৰ কৰিব, আৰু ঈশ্বৰ বিলাকৰো ঈশ্বৰৰ অহিতে বিস্ময়জনক কথা ক’ব, আৰু কোঠ সিদ্ধ নোহোৱালৈকে ভাগ্যৱান হ’ব; কিয়নো যি নিৰূপিত, তাকে কৰা যাব।

37আৰু তেওঁ নিজ পূৰ্বপুৰুষবিলাকৰ দেৱতাবোৰক নামানিব, আৰু তিৰোতা মানুহৰ প্ৰিয়াদেৱীক, নাইবা কোনো দেৱতাবোৰকো নামানিব; কিয়নো তেওঁ নিজকে সকলোতকৈ বৰ বুলি জ্ঞান কৰিব।

38কিন্তু দুৰ্গ দেৱতাৰ ঠাইত তেওঁ দুৰ্গ দেৱতাক সন্মান কৰিব, নিজৰ পূৰ্ব-পুৰুষবিলাকে নজনা দেৱতা এজনক সোণ, ৰূপ, মণি, আৰু মনোহৰ বস্তুৰে সন্মান কৰিব।

39আৰু তেওঁ বিজাতীয় দেৱতা এজনৰ সাহাৰ্যত অতি দৃঢ় দুৰ্গবোৰ বিৰুদ্ধে কাৰ্য কৰিব; যিমান লোকে তেওঁৰ অধিনতা স্বীকাৰ কৰিব, সেই সকলোকে তেওঁ অতি সন্মান কৰিব, আৰু অনেকৰ ওপৰত ৰাজপথ দিব, আৰু বঁটা স্বৰূপে মাটি ভাগ কৰি দিব।

40পাছে শেষৰ কালত দক্ষিণ দেশৰ ৰজাই তেওঁৰ লগত যুদ্ধ আৰু উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব, আৰু নানা দেশত সোমাই প্লাৱন কৰি মাজেদি উলাই যাব।

41তেওঁ দেশ ৰত্নতো সোমাব, আৰু অনেক দেশ পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তানবিলাকৰ প্ৰধান ভাগ তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।

42তেওঁ নানা দেশৰ ওপৰত হাত দিব, আৰু মিচৰ দেশ ৰক্ষা নাপাব।

43আৰু সাঁচি থোৱা সোণ, ৰূপ আদি মিচৰীয়াবিলাকৰ আটাই বহুমূল্য বস্তুৰ ওপৰত তেওঁৰ ক্ষমতা চলিব; লুবিয়া আৰু কূচীয়াবিলাক তেওঁৰ খোজে খোজে যাব।

44কিন্তু পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁৰ মনত দুখ দিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নি:শেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে যাত্ৰা কৰিব।

45সমূদ্ৰ আৰু পবিত্ৰ গিৰিৰত্নৰ মাজ ঠাইত তেওঁ নিজৰ ৰাজ তম্বু তৰিব; তথাপি তেওঁ অন্ত উপস্থিত হ’ব তেওঁক সহায় কৰোতা কোনো নহ’ব।


  Share Facebook  |  Share Twitter

 <<  Daniel 11 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran