Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 1 >> 

1যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ তৃতীয় বছৰত বাবিলৰ ৰজা নবুখদনেচৰে যিৰূচালেমলৈ আহি তাক অৱৰোধ কৰিলে।

2আৰু প্ৰভুৱে যিহূদাৰ ৰজা যিহোয়াকীমক আৰু ঈশ্বৰৰ গৃহত কেতবোৰ বস্তু তেওঁ হাতত সমৰ্পণ কৰিলে; তাতে তেওঁ সেই বস্তুবোৰ চিনাৰ দেশলৈ নিজৰ দেৱতাৰ গৃহলৈ লৈ গল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত থলে।

3পাছে ৰজাই তেওঁৰ নপুংসকবিলাকৰ অধ্যক্ষ অস্পনজনক আজ্ঞা কৰিলে, বোলে, ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজৰ, বিশেষকৈ ৰাজ-বংশৰ আৰু প্ৰধানবিলাকৰ মাজৰ,

4ঘুণ নথকা, সুন্দৰ, আটাই বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পটু, আৰু ৰাজগৃহত থিয় হবৰ যোগ্য গোটাদিয়েক লৰা আনি কলদীয়া শাস্ত্ৰ আৰু ভাষা শিকোৱা হওক।

5ৰজাই আৰু নিৰূপণ কৰিলে, যে, তেওঁৰ উওম খাদ্যদ্ৰব্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা দিনে দিনে তেওঁবিলাকক ভাগ দিব, আৰু তেওঁবিলাকক তিনি বছৰলৈকে প্ৰতিপালন কৰি তিনি বছৰৰ শেষত ৰজাৰ আগত থিয় কৰাব।

6তেওঁবিলাকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়া আছিল।

7পাছ নপুংসকবিলাকৰ অধ্যক্ষই তেওঁবিলাকৰ নাম সলাই দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।

8কিন্তু দানিয়েল, ৰজাৰ উওম খাদ্য দ্ৰব্যেৰে আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসেৰে যেন নিজকে অশুচি কৰা নহয়, তাৰ নিমিত্তে বৰ চিন্তা কৰি আছিল; এই হেতুকে নিজকে যেন অশুচি কৰা নহয়, এনে অনুমতি পাবলৈ নপুংসকবিলাকৰ অধ্যক্ষৰ আগত তেওঁ নিবেদন কৰিলে।

9তেতিয়া ঈশ্বৰে দানিয়েলক নুপুংসকবিলাকৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে।

10তাতে নুপুংসকবিলাকৰ সেই অধ্যক্ষই দানিয়েলক ক’লে, মোৰ প্ৰভু যি মহাৰজাই তোমালোকৰ খাদ্যদ্ৰব্য আৰু আৰু পান কৰা বস্তু নিৰূপণ কৰিলে, তেওঁলৈ মই ভয় কৰোঁ; কিয়নো তেওঁ তোমালোকৰ সমবয়সীয়া যুৱকবিলাকতকৈ তোমালোকৰ মুখ কিয় শুকাণ দেখিব? এইদৰে তোমালোকে ৰজাৰ আগত মোৰ মূৰ সঙ্কটত পেলাবা।

11পাছে নপুংসকবিলাকৰ অধ্যক্ষই দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা ঘৰগিৰীক দানিয়েলে কলে,

12আপুনি অনুগ্ৰহ কৰি দহ দিন আপোনাৰ এই দাসবিলাকক পৰীক্ষা কৰি চাওক; খাবলৈ আমাক শাক-পাচলি, আৰু পান কৰিবলৈ আমাক পানী দিবৰ নিমিত্তে আপুনি আজ্ঞা দিয়ক।

13পাছে আমাৰ, আৰু ৰজাৰ উওম খাদ্যদ্ৰব্য খোৱা যুবাবিলাকৰ মুখৰ চেহেৰাৰ পৰীক্ষা হওক; তাতে, আপুনি যেনে দেখিব, সেইদৰে আপোনাৰ এই দাসবিলাকলৈ কৰিব।

14তেতিয়া তেওঁ তেওঁবিলাকৰ সেই কথাত মান্তি হৈ দহ দিনলৈকে তেওঁবিলাকক পৰীক্ষা কৰি চালে।

15দহ দিনৰ শেষত দেখা গল, ৰজাৰ উওম খাদ্যদ্ৰব্য খোৱা সকলো যুবাতকৈ তেওঁবিলাকৰ মুখৰ চেহেৰা উত্তম, আৰু গা পুষ্ট হল।

16তাতে ঘৰগিৰীয়ে, তেওঁবিলাকে আহাৰ কৰিবলগীয়া বস্তু, আৰু পান কৰিবলগীয়া দ্ৰাক্ষাৰসৰ সলনি তেওঁবিলাকক শাক-পাচলি দিবলৈ ধৰিলে।

17আৰু ঈশ্বৰে সেই চাৰি জন যুবাক সকলো শাস্ত্ৰত ও বিদ্যাত জ্ঞানী আৰু নিপুণ কৰিলে; আৰু সকলো বিধ দৰ্শন ও সপোনৰ কথা দানিয়েলে বুজিব পৰা হল।

18পাছে ৰজাই যি সময়ৰ পাছত সকলোকে আনিবলৈ আজ্ঞা কৰিছিল, সেই সময় পুৰ হ’লত, নুপুংসক বিলাকৰ অধক্ষ্যই নবূখনেচৰৰ আগত তেওঁবিলাকক উপস্থিত কৰিলে।

19তেতিয়াই ৰজাই তেওঁবিলাকৰ লগত কথাবাৰ্ত্তা হ’লত, তেওঁবিলাকৰ মাজত, দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়া, এইকেইজনৰ সমান আন কাকো পোৱা নগ’ল; এই হেতুকে তেতিয়াৰে পৰা তেওঁবিলাক ৰজাৰ আগত থিয় হ’ল।

20আৰু জ্ঞান ও বুদ্ধি বিষয়ক যিকোনো কথা ৰজাই তেওঁক সুধিলে, সেই সকলো কথা তেওঁৰ ৰাজ্যত থকা আটাই শাস্ত্ৰজ্ঞ ও গণকতকৈ তেওঁ তেওঁবিলাকক দহগুণে নিপুণ হোৱা পালে।

21আৰু দানিয়েলে কোৰচ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে থাকিল।


  Share Facebook  |  Share Twitter

 <<  Daniel 1 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran