Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Numbers 36 >> 

1পাছে যোচেফৰ সন্তানসকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তানসকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল,

2তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তানসকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভূক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভূৱে যিহোৱাৰ পৰা আজ্ঞা পালে।

3কিন্তু ইস্ৰায়েলৰ সন্তানসকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধীকাৰৰ ভাগৰ পৰা কটা যাব।

4আৰু যেতিয়া ইস্ৰায়েলৰ সন্তানসকলকৰ যোবেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ জনগোষ্ঠীৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”

5তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তানসকলৰ ফৈদে ঠিক কৈছে।

6যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃফৈদৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’

7এইদৰে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-ফৈদৰ আধিপত্যতে থাকিব লাগিব।

8আৰু ইস্ৰায়েলৰ সন্তানসকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-ফৈদৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব।

9তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”

10চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য্য কৰিলে।

11কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল।

12যোচেফৰ পুত্ৰ মনচিৰ সন্তানসকলৰ গোষ্ঠীৰ মাজত সিহঁতৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।

13যিহোৱাই যিৰীহোৰ সন্মূখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তানসকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।


  Share Facebook  |  Share Twitter

 <<  Numbers 36 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran