1ইয়াতো মোৰ হৃদয় কঁপিছে, আৰু বুকু ঢপ ঢপ কৰিছে।
2শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি, সেইয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ।
3তেওঁ তাক আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই, আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মৰায়।
4তাৰ পাছত গাজনি মাৰে, তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জ্জন কৰে; যেতিয়া তেওঁ মাজ শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়।
5ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে; তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্য্যবোৰ কৰে।
6কিয়নো তেওঁ হিমক, তুমি পৃথিবীত পৰা, আৰু তেওঁ বৰষুণক, তেওঁৰ প্ৰবল বৃষ্টিৰ জাকক সেই একেৰূপে কথা কয়।
7তেওঁ স্ৰজা সকলো মানুহে জানিবৰ নিমিত্তে তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে।
8তেতিয়া জন্তুবোৰ চোঙত সোমায়; আৰু নিজ নিজ বাসস্থানত থাকে।
9দক্ষিণৰ কোঠালিৰ পৰা ধুমুহা আহে, আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়।
10ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়, আৰু বহল জলসমুহ ঠেক হৈ যায়।
11এনে কি, তেওঁ ঘন মেঘত পানী ভৰাই দিয়ে, তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে।
12গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য্য কৰে, এই নিমিত্তে সেইবোৰে তেওঁৰ পৰিচালনৰ দ্বাৰাই ঘুৰি ফুৰে।
13শাস্তিৰ নিমিত্তেই হওক, বা নিজ পৃথিবীৰ নিমিত্তেই হওক, নাইবা দয়াৰ নিমিত্তেই হওক, তেওঁ তাক ঘটায়।
14হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা; থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম্ম বিবেচনা কৰা।
15ঈশ্বৰে কেনেকৈ সেইবোৰক আদেশ দিয়ে, আৰু কেনেকা নিজৰ মেঘৰ বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানা নে ?
16সেই জ্ঞান সিদ্ধ জনাই মেঘক আলাসতে ৰখা আদি কৰি আচৰিত কৰ্ম্মবোৰ তুমি জানা নে?
17যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিবী নিস্তব্ধ হয়, তেতিয়া বস্ত্ৰ গৰম যেন বোধ কৰা যি তুমি,
18তুমি জানো ঢলা দৰ্পণৰ দৰে দৃঢ় আকাশ-মণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা?
19আমি তেওঁক কি ক’ম, তাক আমাক জনোৱা; কিয়নো আন্ধাৰৰ কাৰণে আমি কথা গাঁথিব নোৱাৰোঁ।
20মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হব নে? বা কাল গ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব ?
21সম্প্ৰতি মানুহে আকাশত মহা-তেজস্বী জ্যোতি দেখা নাপায়; কিন্তু বতাহ চলিলে আকাশ নিৰ্ম্মল হব।
22উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে; ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে।
23সৰ্ব্ব–শক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্ম্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
24এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে; তেওঁ অন্তৰেৰে জ্ঞানীবিলাকৰ কাৰো মুখলৈ নাচায়।