1তাতে ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
2তুনি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বৰ নথকা বাহুক বৰ নিস্তাৰ কৰিলা!
3আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা!
4তুমি নো কাৰ আগত কথা কলা? কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?
5জলসমুহৰ আৰু তাৰ নিবাসীবিলাকৰ তলত, মৃতবিলাক কঁপে।
6তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই।
7তেওঁ শূন্য়ৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে আৰু পৃথিবীক শূন্যত ওলোমাই থয়।
8তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; তথাপি জলৰ ভৰত মেঘ নাফাটে।
9তেওঁ তেওঁৰ সিংহাসনৰ সম্মুখত আঁৰ গিয়ে, আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে।
10যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,
11তেওঁৰ ধম্কিত আকাশ-মণ্ডলৰ স্তম্ববোৰ কঁপে, আৰু বিচুৰ্ত্তি হয়,
12তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফলন কৰায়, আৰু নিজ বুদ্ধুৰে ৰাহবক ডোখৰ ডোখৰ কৰে।
13তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেোঁৰ হাতে পলাই যোৱা নাগ্টোক খুঁচি মাৰিলে।
14চোৱা, এইবোৰ তেোঁৰ কাৰ্য্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচ্ফুচ্নি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?